চিটাৰা ডেস্ক,২১ জুলাই :ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰৰ পিছতে আৰক্ষীৰ তদন্তত প'ৰ্ণ ৰেকেট ঘটনাৰ নতুন নতুন তথ্য পোহৰলৈ আহিছে । মঙলবাৰে মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰা মতে এক আন্তৰ্জাতিক প'ৰ্ণ ফিল্ম ৰেকেটৰ কথিত মাষ্টাৰমাইণ্ড হৈছে ৰাজ কুন্দ্ৰা আৰু তেওঁৰ শালপতি প্ৰদীপ বক্সী । ভাৰত আৰু আমেৰিকাত থকা তেওঁলোকৰ কণ্টেন্ট প্ৰডাকচন কোম্পানীক (content production company) ব্যৱহাৰ কৰা হৈছিল এই কাৰ্যত । ইফালে কুন্দ্ৰাক গ্ৰেপ্তাৰৰ লগে লগে এই প'ৰ্ণ উদ্যোগত জড়িত আৰু বহুত লোক গ্ৰেপ্তাৰৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।
উল্লেখ্য যে, বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টী আৰু ৰাজ কুন্দ্ৰাই যুটীয়াভাৱে চলাই আছিল ভিয়ান ইণ্ডাষ্ট্ৰিজ লিমিটেড(Viaan Industries Ltd), যাৰ অধ্যক্ষ হৈছে ৰাজ কুন্দ্ৰা ৷ আনহাতে প্ৰদীপ বক্সী এগৰাকী ব্ৰিটিছ নাগৰিক যিয়ে কুন্দ্ৰাৰ ভগ্নীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল । লণ্ডনত থকা কেনৰিন লিমিটেডৰ(Kenrin Ltd) অধ্যক্ষ হৈছে প্ৰদীপ বক্সী । ইতিমধ্যে দুয়োটা কোম্পানীৰ বিৰুদ্ধে আৰক্ষীয়ে মুখ খুলিছে ।
মুম্বাইৰ যুটীয়া আৰক্ষী আয়ুক্ত (অপৰাধ) মিলিন্দ ভাৰম্বে উল্লেখ কৰা মতে কেনৰিন লিমিটেডে প্ৰস্তুত কৰা 'হটশ্বটছ ডিজিটেল এণ্টাৰটেইনমেণ্ট' নামৰ এটা মোবাইল এপ দুয়োটা কোম্পানীয়ে ব্যৱহাৰ কৰে । হটশ্বটছ এপটোক "বিশ্বৰ প্ৰথম ১৮+ এপ" হিচাপে বৰ্ণনা কৰা হৈছে য'ত বিশ্বব্যাপী কিছুমান মোহময়ী মডেল আৰু চেলিব্ৰেটীৰ একচেটিয়া ফটো, চুটি চলচ্চিত্ৰ আৰু কেতবোৰ অশালীন ভিডিঅ' প্ৰদৰ্শন কৰা হয় । যিবোৰ আচলতে ছফ্ট প'ৰ্ণৰ পৰা হাৰ্ড প'ৰ্ণ হিচাপে বিবেচনা কৰিব পাৰি ।