অসম

assam

মই ইৰফান খানক পাপা নহ'লে ডেড মাতিছিলোঃ ৰাধিকা মাদান

By

Published : Aug 2, 2020, 4:57 PM IST

তিনি মাহ বাগৰিল প্ৰসিদ্ধ অভিনেতা ইৰফান খানৰ মৃত্যুৰ ৷ তেওঁৰ শেষৰখন ছবিত তেওঁৰ সৈতে একলেগে অভিনয় কৰিছিল অভিনেত্ৰী ৰাধিকা মাদানে ৷ শেহতীয়াকৈ অভিনেত্ৰী গৰাকীয়ে ইৰফান খানৰ সৈতে কাম কৰা সময়ৰ অনুভৱ ব্যক্ত কৰে ৷

Radhika Madan reveals how Irrfan Khan reacted when she called him ‘dad’ on their first meeting
মই ইৰফান খানক পাপা নহ'লে ডেড মাতিছিলোঃ ৰাধিকা মাদান

চিটাৰা ডেস্ক,2 আগষ্টঃ প্ৰসিদ্ধ অভিনেতা ইৰফান খানৰ মৃত্যুৱে তিনিটা মাহ সম্পূৰ্ণ কৰিলে ৷ ইৰফান খানৰ অন্তিমখন ছবি আংৰেজী মিডিয়ামত একলেগে অভিনয় কৰিছিল অভিনেত্ৰী ৰাধিকা মাদানে ৷

ইৰফান খানৰ সৈতে ৰাধিকা মাদান

ছবিখন শ্বুটিং কৰাৰ সময়খিনিত ইৰফান খানৰ সৈতে থকা স্মৃতি শ্বেয়াৰ কৰে অভিনেত্ৰী ৰাধিকা মাদানে ৷ ছবিখনত ইৰফান খানে ৰাধিকাৰ পিতৃৰ চৰিত্ৰ ৰূপায়ন কৰিছিল ৷ দুয়োৰে মাজৰ সম্বন্ধৰ কথা শ্বেয়াৰ কৰি অভিনেত্ৰী গৰাকীয়ে কয় যে তেওঁ সদায় ইৰফান খানক পাপা নহ'লে ডেড বুলি সম্বোধন কৰিছিল ৷

ৰাধিকা মাদানে কয়," মই কেতিয়াও তেওঁক ছাৰ বুলি সম্বোধন কৰা নাছিলো ৷ মই সদায় তেওঁক পাপা নহ'লে ডেড বুলি সম্বোধন কৰিছিলো ৷ তেওঁ মাত্ৰ মিচিকিয়া হাঁহি মাৰি দিয়ে ৷ মোৰ এতিয়াও মনত আছে, যেতিয়া মই প্ৰথমবাৰ তেওঁক ডেড বুলি মাতিছিলো ৷ তেতিয়া তেওঁ অদ্ভুত অনুভৱ কৰাৰ সলনি মোক সাৱটি ধৰিছিল ৷ মই সদায় তেওঁক পিতৃ ৰূপতে মনত ৰাখিম ৷"

ইৰফান খানৰ সৈতে ৰাধিকা মাদান

লগতে কয়, "মই বহুত কৃতজ্ঞ যে, মই তেওঁৰ সৈতে থিয় হোৱা আৰু একেলগে স্ক্ৰীণ শ্বেয়াৰ কৰাৰ সুবিধা লাভ কৰিলো ৷ মই এগৰাকী শিল্পী আৰু এজন ব্যক্তি হিচাপে তেওঁৰ পৰা বহুত শিকিলো ৷ "

লগতে পঢ়কঃকন্যা সন্তানৰ পিতৃ হ'ল অভিনেতা আফতাব শিভদাচানী

ABOUT THE AUTHOR

...view details