অসম

assam

ETV Bharat / sitara

মই ইয়াত প্ৰসিদ্ধিৰ বাবে থকা নাইঃ ৰাধিকা আপ্তে - অভিনেত্ৰী ৰাধিকা আপ্তে

অভিনেত্ৰী ৰাধিকা আপ্তেৰ মতে তেওঁ এই জগতখনত প্ৰসিদ্ধিৰ বাবে নাই, কেতিয়াবা কেতিয়াবা সুবিধাসমূহ পচন্দ কৰে কিন্তু সফলতা বা বিফলতাক তেওঁ গভীৰ ভাৱে নলয় ৷

Radhika apte i m not here for fame
অভিনেত্ৰী ৰাধিকা আপ্তে

By

Published : Aug 6, 2020, 8:52 PM IST

চিটাৰা ডেস্ক,6 আগষ্টঃ অভিনেত্ৰী ৰাধিকা আপ্তৰে মতে তেওঁ একো সুবিধাজনক বস্তুৰ মাজত আৱদ্ধ হৈ থাকিব নিবিচাৰে আৰু না তেওঁ সন্তুষ্ট হ'ব বিচাৰে আৰু লগতে তেওঁ কেতিয়াও প্ৰসিদ্ধিৰ পাছত দৌৰ নামাৰে ৷

অভিনেত্ৰী গৰাকীৰ মতে," মই ইয়াত প্ৰসিদ্ধিৰ বাবে নাই, কেতিয়াবা কেতিয়াবা সুবিধাসমূহ পচন্দ কৰো কিন্তু সফলতা বা বিফলতাক মই গম্ভীৰ বাবে নলও ৷ "

অভিনেত্ৰী ৰাধিকা আপ্তে

তেওঁ লগতে কয়," কাৰণ এইবোৰ অস্থায়ী হয় ৷ অৱশ্যে আপুনি ইয়াক গম্ভীৰভাৱে ল'ব নোৱাৰে কিন্তু আপুনি একেবাৰে ইয়াক নেদেখাৰ ভাও ধৰিব নোৱাৰে ৷ আপোনাৰ যাত্ৰাৰ ই গুৰুত্বপূৰ্ণ স্বৰূপ, আপোনাক প্ৰশংসাৰ আৱশ্যকতা আছে ৷ আপুনি নিজৰ পিঠিত নিজে থপ থপাব লাগিব, পচন্দ কৰিব লাগিব আৰু নিজৰ অসফলতাৰ পৰা শিকিব লাগিব ৷ নিৰাশ হ'ব নালাগিব ৷ মই এক সন্তুলিত দৃষ্টিৰ সৈতে চলি আছো ৷"

উল্লেখ্য যে, অভিনেত্ৰী ৰাধিকা আপ্তে 2005 চনত ৱাহ! লাইফ হ' তহ এইচি ছবিৰ জৰিয়তে উদ্যোগটোত প্ৰৱেশ কৰিছিল ৷ আৰু তাৰ পিছত চ'ৰ ইন দ্য চিটী, কবালী, ফৌবিয়া,বদলাপুৰআৰু অহল্যাৰ দৰে লঘু ছবি কৰিছিল ৷

অভিনেত্ৰী গৰাকীয়ে ফৌবিয়া, বদলাপুৰ, মান্ঝী, লাষ্ট ষ্ট'ৰিজ, চেক্ৰেড গেমছ, পেড মেন আৰু ঘৌলত অভিনয় কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল ৷ তেওঁ অভিনয় কৰা চৰিত্ৰ সমূহৰ যোগেদি বলীউডৰ নায়িকাৰ মাজত থকা ৰুঢ়বাদী ধাৰাক তেওঁ নস্যাৎ কৰিবলৈ সক্ষম হৈছে বুলি বহুজনে শ্ৰেয় দিয়ে অভিনেত্ৰী গৰাকীক ৷

লগতে পঢ়কঃ দিশা পাটানীৰ পিতৃ আক্ৰান্ত ক'ভিড-19 ত

ABOUT THE AUTHOR

...view details