চিটাৰা ডেস্ক, ২৫ মাৰ্চ: COVID-১৯ত আক্ৰান্ত হ'ল অভিনেতা আৰ মাধৱন । বৃহস্পতিবাৰে 'থ্ৰি ইডিয়টছ' ছবিৰ চৰিত্ৰৰ উদ্ধৃতি দি আৰ মাধৱনে মহামাৰীত আক্ৰান্ত হোৱাৰ কথা টুইটযোগে শ্বেয়াৰ কৰে । 'থ্ৰি ইডিয়টছ' ছবিত মেগাষ্টাৰ আমিৰ খানৰ সৈতে একেলগে কাম কৰা মাধৱনে টুইটত লিখিছে যে, 'প্ৰথমে আমিৰ খান অৰ্থাৎ ৰেঞ্চো মহামাৰীৰ কবলত পৰিছে । ৰেঞ্চোক ফাৰহানে অনুসৰণ কৰিবই লাগিব ।
লগতে ভাইৰাছে সদায়ে তেওঁলোকৰ পিছ এৰা নাছিল, কিন্তু এইবাৰ তেওঁলোকে ভাইৰাছৰ পৰা ৰক্ষা নাপালে' । আনহাতে এইবাৰ COVID-১৯ ত আক্ৰান্ত হোৱাৰ ক্ষেত্ৰত তেওঁলোকে ৰাজুৰ চৰিত্ৰত অভিনয় কৰা ছৰমন যোশীক বিচৰা নাই বুলি লিখিছে অভিনেতাগৰাকীয়ে । লগতে অনুৰাগীয়ে দিয়া মৰমৰ বাবে তেওঁ ধন্যবাদ জ্ঞাপন কৰে । আমিৰ খান সংক্ৰমিত হোৱাৰ এদিন পিছতে আৰ মাধৱনৰ দেহতো কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ।