চিটাৰা ডেস্ক,28 জুনঃ বলীউড অভিনেতা পুলকিত সম্ৰাটে শ্বেয়াৰ কৰিলে পৰ্দাত তেওঁৰ সহ কলাকাৰ কৃতি খৰবন্দাৰ সৈতে থকা সুন্দৰ কেমেষ্ট্ৰীৰ ৰহস্য ৷
পুলকিতে আই.এ.এন.এছক জনোৱা মতে, " মোৰ এনেকুৱা লাগে যে, আমি বহুত ভাল বন্ধু হোৱাৰ বাবেই স্ক্ৰীণত আমাৰ কেমেষ্ট্ৰী আমি সহজভাৱেই উত্থাপন কৰো ৷ লক্ ডাউনে আমাক ভাল সময় কটোৱাৰ সুবিধা দিলে ৷ আমি এজনে আনজনক ভালদৰে জানিবলৈ সুবিধা পালো ৷ "