অসম

assam

বহুদিনীয়া হাবিয়াস পূৰণ হ’ল দক্ষিণৰ তাৰকা প্ৰভাসৰ

By

Published : Feb 19, 2022, 12:33 PM IST

চাইন্স ফিক্ছন ছবি 'প্ৰজেক্ট কে'ত দীপিকা পাডুকন আৰু বলীউড মেগাষ্টাৰ অমিতাভ বচ্চনৰে সৈতে অভিনয় কৰিছে দক্ষিণৰ তাৰকা প্ৰভাসে ৷ অলপতে হায়দৰাবাদত দীপিকা পাডুকনৰ সৈতে ছবিখনৰ এটা ভাগৰ শ্বুটিং শেষ কৰা প্ৰভাসে পোন প্ৰথমবাৰৰ বাবে বিগ বিৰ সৈতে অভিনয় কৰি কি ক’লে (Prabhas commenting on Big B) জানো আহকচোন...

Prabhas post on Amitabh Bachchan
অমিতাভৰে সৈতে অভিনয় কৰি প্ৰভাসে দিলে এইটো প্ৰতিক্ৰিয়া!

চিটাৰা ডেস্ক, 19 ফ্ৰেব্ৰুৱাৰী : অমিতাভ বচ্চনৰ সৈতে নাগ অশ্বীনৰ নতুন ছবি 'প্ৰজেক্ট কে'ৰ প্ৰথম পৰ্যায়ৰ শ্বুটিং শেষ কৰিলে দক্ষিণ ভাৰতীয় ছবিজগতৰ তাৰকা প্ৰভাসে (Prabhas commenting on Big B) ৷ ছবিখনত বিগ বি অমিতাভ বচ্চনৰ সৈতে কৰা অভিনয়ৰ পিছত প্ৰভাসে অনুৰাগীৰ আগত মনৰ ভাৱ প্ৰকাশ কৰিলে সামাজিক মাধ্যমৰ জৰিয়তে (Project K Prabhas doing shot with Big B) ৷

শুকুৰবাৰে, নিজৰ ইন্ষ্টাগ্ৰাম একাউণ্টত অমিতাভ বচ্চনৰ এখন ফটো পোষ্ট কৰি অভিনেতাজনে তেওঁৰ এটা সপোন পূৰ হোৱা বুলি উল্লেখ কৰে (Prabhas post on Amitabh Bachchan) ৷ উল্লেখ্য যে, প্ৰজেক্ট কে এখন যথেষ্ট ব্যয়বহুল চিনেমা ৷ ছবিখনৰ কথা ঘোষণা হোৱাৰ পৰাই চৰ্চাত আছে প্ৰজেক্ট কে ৷

পোন প্ৰথমবাৰৰ বাবে বিগ বিৰ সৈতে অভিনয় কৰি কি ক’লে প্ৰভাসে

ৰাম’জী ফিল্ম চিটীত নিৰ্মাণ কৰা হৈছে ছবিখনৰ ছেট ৷ ভাৰতীয় ছবিজগতৰ ই এখন ব্যয়বহুল ছবি য’ত অমিতাভ, দীপিকা আৰু প্ৰভাস তিনিজন ডাঙৰ তাৰকাই একেলগে অভিনয় কৰিছে ৷ অমিতাভৰ সৈতে অভিনয়ৰ পিছত অভিভূত হৈ পৰে প্ৰভাস ৷

লগতে পঢ়ক:Akshay Kumar New Movie: বচ্চন পাণ্ডেত দেশী গুণ্ডাৰ ৰূপত অক্ষয় কুমাৰ

ABOUT THE AUTHOR

...view details