চিটাৰা ডেস্ক,1 এপ্ৰিলঃ বিগত দুটা দিনত দেশবাসীয়ে হেৰুৱালে ভাৰতীয় চলচ্চিত্ৰ জগতৰ দুটা ভোটা তৰা ৷ প্ৰতিভাৱান অভিনেতা ইৰফান খান , জ্যেষ্ঠ অভিনেতা ঋষি কাপুৰৰ মৃত্যুৰ পিছতে শুকুৰবাৰে মৃত্যুবৰণ কৰে প্ৰডিউচাৰছ গিল্ড অফ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া কুলমিত মক্কৰে ৷
জানিব পৰা মতে, শুকুৰবাৰে হৃদৰোগৰ ফলত 60 বছৰ বয়সত মৃত্যুবৰণ কৰে বিশেষ ব্যক্তিগৰাকীয়ে ৷ নিৰ্মাতা গৰাকীৰ মৃত্যুৰ বাতৰি নিজৰ টুইট যোগে প্ৰকাশ কৰি শোক ব্যক্ত কৰে কৰণ জোহৰে ৷