চিটাৰা ডেস্ক , 5 নৱেম্বৰ :বৃহস্পতিবাৰে দেশবাসীয়ে উলহ-মালহেৰে উদযাপন কৰে পোহৰৰ উৎসৱ দীপাৱলী । কেৱল সাধাৰণ লোকেই নহয় এইক্ষেত্ৰত পিছ পৰি ৰোৱা নাই বলীউডৰ তাৰকাসকলো ।
বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই লছ এঞ্জেলছত স্বামী নিক জোনাছৰ লগত দীপাৱলী উদযাপন কৰে ৷ বিদেশত থাকিও যে নিজৰ দেশৰ সংস্কৃতি পাহৰি যোৱা নাই তাকেই উমান দিয়ে অভিনেত্ৰীগৰাকীয়ে ৷ যাৰ বাবে প্ৰিয়ংকাক বিশ্বজুৰি ভূয়সী প্ৰশংসা কৰে তেওঁৰ অনুৰাগীয়ে ৷
ভাৰতৰ পৰা আঁতৰত থকা স্বত্বেও প্ৰিয়ংকাই কেতিয়াও ভাৰতীয় পৰম্পৰাক পাহৰি যোৱা নাই তাকেই প্ৰমাণ কৰে অভিনেত্ৰী গৰাকীৰ শেহতীয়া 'ইনষ্টাগ্ৰাম'ত শ্বেয়াৰ কৰা ফটো কেইখনে ৷ ফটো কেইখনত প্ৰিয়ংকাই নিক জোনাছৰ সৈতে লক্ষ্মী পূজা কৰি থকা দেখা গৈছিল ।