চিটাৰা ডেস্ক,1 এপ্ৰিলঃভাৰতীয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা জ'নাচে চুইডিছ টীনেজ এক্টিভিষ্ট গ্ৰেটা থনবাৰ্গৰ সৈতে মিলি বিশ্বজুৰি এনেকুৱা শিশুৰ বাবে কাম কৰিব যি শিশু দুৰ্বল অৰ্থাৎ যি শিশুক কৰ'ণা ভাইৰাছে সোনকালে সংক্ৰমণ কৰিব পাৰে ৷
জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে টুইট যোগে লিখে যে, " বিশ্বজুৰি দুৰ্বল শিশুৰ ওপৰত Covid-19ৰ প্ৰভাৱ দেখি হৃদয় ভাগি গৈছে ৷ এতিয়া তেওঁলোকে খাদ্যৰ অভাৱ, দুৰ্বল স্বাস্থ্যসেৱা ব্যৱস্থা , হিংসা আৰু শিক্ষাৰ অভাৱৰ সৈতেও যুঁজিব লাগিব ৷ আমি তেওঁলোকক বচোৱাটো জৰুৰী ৷ দ্বায়িত্ব আমাৰ ওপৰত আছে ৷"