চিটাৰা ডেস্ক,18 মে’:শনিবাৰে এক বাইক দুৰ্ঘটনাত পতিত হয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ স্বামী তথা আমেৰিকান প’প ষ্টাৰ নিক জোনাছ ৷ দুৰ্ঘটনাৰ পাচতে কিছু সময়ৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আঘাতপ্ৰাপ্ত জোনাছক ৷ ছ’চিয়েল মিডিয়াযোগে এই কথা প্ৰকাশ কৰে প’প ষ্টাৰগৰাকীয়ে ৷
বাইক দুৰ্ঘটনা সন্দৰ্ভত মুখ খুলিলে প্ৰিয়ংকাৰ স্বামীয়ে - নিক জোনাছৰ বাইক দুৰ্ঘটনা
অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ স্বামী তথা আমেৰিকান প’প ষ্টাৰ নিক জোনাছ দুৰ্ঘটনাগ্ৰস্ত ৷ সম্প্ৰতি তেওঁ স্বাস্থ্য ঠিকেই থকা বুলি ব্যক্ত কৰে নিক জোনাছে ৷
বাইক দুৰ্ঘটনা সন্দৰ্ভত মুখ খুলিলে প্ৰিয়ংকাৰ স্বামীয়ে
‘দ্য ভইচ’ত প্ৰশিক্ষক হিচাপে ব্যস্ত থকা 28 বছৰীয়া নিক জোনাছে এনবিচি প্ৰতিযোগিতাত থকাৰ সময়তে আঘাতপ্ৰাপ্ত হোৱা বুলি অৱগত কৰে ৷ সম্প্ৰতি তেওঁ স্বাস্থ্য ঠিকেই আছে ৷ অৱশ্যে দুৰ্ঘটনাটোত জোনাছৰ বাইকখনৰ কিছু ক্ষয়-ক্ষতি হোৱাৰ কথা সদৰী কৰে ৷
লগতে পঢ়ক :ভূৱা সাহায্য প্ৰদান অভিযানক লৈ অনুৰাগীক সতৰ্ক চনু চুডৰ