চিটাৰা ডেস্ক, 22 মাৰ্চ :প্ৰিয়ংকা চোপ্ৰাৰ হাতত আহি পৰিছেহি এটা নতুন প্ৰজেক্ট ৷ আমেৰিকান অভিনেত্ৰী চিয়েনা মিলাৰৰ সৈতে অভিনয় কৰিব প্ৰিয়ংকা চোপ্ৰাই ৷ চিত্ৰ নিৰ্মাতা এন্থনী চ্চেন আগবাঢ়িছে লেখিকা শিল্পী সোমায়া গোৱডাৰ বিখ্যাত উপন্যাস চিক্ৰেট ডটাৰৰ আধাৰত এখন ছবি নিৰ্মাণৰ দিশে ( screen adaption of Secret Daughter) ৷ তাৰেই মুখ্য চৰিত্ৰ দুটাৰ বাবে বাচনি কৰা হৈছে প্ৰিয়ংকা আৰু চিয়েনাক ৷
উপন্যাসখন দুগৰাকী মহিলাৰ কাহিনীৰে ৰচনা কৰা হৈছিল (Secret daughter novel) ৷ এটা শিশুৰ দ্বাৰা জড়িত হৈ পৰা দুগৰাকী মহিলাৰ কাহিনীৰে সমৃদ্ধ উপন্যাসখন । চমাৰ ছান ফ্ৰান্সিস্কোৰ এগৰাকী নৱবিবাহিতা চিকিৎসক যিয়ে জীৱনৰ আটাইতকৈ দুখলগা খবৰটো আৱিষ্কাৰ কৰে যে তেওঁ কেতিয়াও সন্তান জন্ম দিব নোৱাৰিব । একেটা বছৰতে ভাৰতত এগৰাকী দৰিদ্ৰ মাতৃ কবিতাই নিজৰ নৱজাতক জীয়েকৰ জীৱন ৰক্ষা কৰিবলৈ নিজৰ পৰা আঁতৰ কৰি পঠোৱাৰ দৰে এক হৃদয়বিদাৰক সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হয় ।