চিটাৰা ডেস্ক,1 এপ্ৰিলঃ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই কৰ'ণা ভাইৰাছ মহামাৰীৰ মাজতো সমাজৰ ভালৰ বাবে কাম কৰি থকা মহিলাসকলৰ বাবে দান কৰিছে মুঠ 1,00,000 ডলাৰৰ অনুদান ৷ নিজৰ ইনষ্টাগ্ৰাম ষ্টৰিৰ জৰিয়তে প্ৰিয়ংকা চোপ্ৰাই প্ৰকাশ কৰে এই কথা ৷
স্বাস্থ্য সংকটৰ পিছতো সমাজৰ হকে কাম কৰা মহিলাক 1,00,000 ডলাৰ দান প্ৰিয়ংকা চোপ্ৰাৰ
কভিড-19ৰ সৈতে মোকাবিলা কৰাৰ বাবে বিভিন্ন সংগঠন নিজে যোগদান দি সহযোগিতা আগবঢ়াইছে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই ৷ কেৱল সেয়াই নহয় জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে সমাজৰ হিতৰ বাবে সংকটকো নেওচি কাম কৰি থকা মহিলাসকলৰ বাবে এটা সংগঠনৰ জৰিয়তে 1,00,000 ডলাৰৰ অনুদান আগবঢ়ায় ৷
স্বাস্থ্য সংকটৰ পিছতো সমাজৰ হকে কাম কৰা মহিলাক 1,00,000 ডলাৰ দান প্ৰিয়ংকা চোপ্ৰাৰ
অভিনেত্ৰী গৰাকীয়ে উল্লেখ কৰা মতে তেওঁ "bonviv-spikedseltzer" নামৰ এটা সংগঠনৰ জৰিয়তে এই অনুদান সমাজৰ হিতৰ বাবে মহামাৰী তথা সংকটৰ সময়তো কাম কৰি থকা মহিলাসকলৰ বাবে আগবঢ়াইছে এই বিশেষ অনুদান ৷
লগতে পঢ়কঃৰামায়ণ,মহাভাৰতৰ পুনঃ সম্প্ৰচাৰৰ পিছত এইবাৰ 80 দশকৰ "ফ্লপ শ্ব" সম্প্ৰচাৰৰ দাবী