চিটাৰা ডেস্ক, 23 আগষ্ট:পুৰস্কাৰ গ্ৰহণৰ সময়ত দিয়া ভাষণৰ এটা ক্লিপ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা জনাইছে দেওবাৰে, তেওঁৰ পিতৃ অশোক চোপ্ৰাক 70 তম জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ৷
অভিনেত্ৰী গৰাকীয়ে টুইটাৰত এক বঁটা প্ৰদান অনুষ্ঠানত কৰা তেওঁৰ পিতৃৰ এটা ভিডিঅ' প'ষ্ট কৰে ৷ য'ত তেওঁ এক অনুপ্ৰাণিত ভাষণ প্ৰদান কৰিছিল ৷ সেই ভিডিঅ'টোৰ আৰম্ভণি পিতা-পুত্ৰৰ সম্বন্ধৰ এক মনোমোহা চিত্ৰৰে আৰম্ভ হয় ৷ য'ত অভিনেত্ৰী গৰাকীৰ পিতৃয়ে কয়, "মই প্ৰিয়ংকাৰ তৰফৰ পৰা এই পুৰস্কাৰ গ্ৰহণ কৰিছে ৷ মোৰ অকণমানি তুমিও ইয়াতে থকাটো মোৰ কাম্য আছিল ৷ লাগিলে সেইয়া এঘণ্টা পলমেই নহওক কিয় ৷"
তেওঁ সেই পুৰস্কাৰ হাতত লৈ কয় যে, "মই এই পুৰস্কাৰ সেই শিল্পী সকলক সমৰ্পন কৰিব বিচাৰো, যিসকল সৰু চহৰৰ পৰা আহিছে ৷ তেওঁলোকে ইশ্বৰৰ ওপৰত বিশ্বাস ৰাখে, তেওঁলোকৰ নিজৰ ওপৰতো আছে বিশ্বাস ৷ লগতে তেওঁলোকে নিজৰ প্ৰতিভা নিৰ্ধাৰণ কৰি তাৰ চাপ ৰাখি থৈ যায় ৷"