চিটাৰা ডেস্ক, ১৮ ফেব্ৰুৱাৰী: এক ৰহস্যজনক হত্যাৰ আধাৰত নিৰ্মিত ছবি 'চাইলেন্স কেন ইউ হিয়াৰ ইট'ত অভিনয় কৰিছে বলিউড অভিনেত্ৰী প্ৰাচী দেশাইৰ লগতে মনোজ বাজপেয়ীয়ে । অচিৰেই মুক্তিৰ পথত ছবিখন ।
ছবিখনত অভিনয় কৰিবলৈ পায় নিজকে সুখী অনুভৱ কৰে অভিনেত্ৰীগৰাকীয়ে । ছবিখনৰ সকলো কলা-কুশলী আৰু কৰ্মচাৰীৰ সৈতে একেলগে কাম কৰি নথৈ আনন্দিত ক’লে প্ৰাচীয়ে । সকলোকে এই ছবিখন চাবলৈকো অনুৰোধ জনালে অভিনেত্ৰী প্ৰাচীয়ে ।