চিটাৰা ডেস্ক, 21 ফ্ৰেব্ৰুৱাৰী : বাহুবলীখ্যাত প্ৰভাস বৰ্তমান ব্যস্ত মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে ছবিৰ শ্বুটিঙত ৷ নাগ অশ্বিনৰ নতুন প্ৰজেক্ট ‘প্ৰজেক্ট কে’ প্ৰথমবাৰলৈ একেলগে অভিনয় কৰিছে এই দুই মহাৰথীৰ যুঁটিয়ে ৷
অমিতাভক লগ পাইয়েই অভিভূত হৈ পৰা প্ৰভাসে তেওঁ সপোন পূৰণ হোৱা বুলি নিজৰ ইন্ষ্টাগ্ৰামত পোষ্ট কৰিছিল ৷ অলপতে বিগ বিৰ সৈতে ছবিখনৰ প্ৰথম অনুসূচীৰ শ্বুটিং শেষ কৰিছে প্ৰভাসে ৷
সোমবাৰে প্ৰভাসৰ ব্যৱহাৰত মুগ্ধ হৈ অমিতাভ বচ্চনেও নিজৰ টুইটাৰত শলাগ ল’লে দক্ষিণৰ তাৰকাজনৰ ৷ বিগ বিক ঘৰৰ ব্যঞ্জন খুৱাই তৃপ্ত কৰা(Prabhas brings home cooked food for Amitabh Bachchan) প্ৰভাসৰ উদাৰতা আৰু মৰমৰ কথা সুঁৱৰি আৱেগিক হৈ পৰে বলীউডৰ ছেহেনশ্বাহ ৷
ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে দুই তাৰকাই ইজনে আনজনৰ সংগ ভালদৰে উপভোগ কৰিছে ৷ প্ৰজেক্ট কে(Prabhas Amitabh in project k)ত দীপিকা পাডুকনেও মুখ্য ভূমিকাত অভিনয় কৰিছে ৷
লগতে পঢ়ক:বহুদিনীয়া হাবিয়াস পূৰণ হ’ল দক্ষিণৰ তাৰকা প্ৰভাসৰ