চিটাৰা ডেস্ক, ২৩ জুলাই: পৰ্ণোগ্ৰাফী গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পাছতে ৰাজ কুন্দ্ৰাৰ (Raj Kundra) বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিলে অভিনেত্ৰী পুনম পাণ্ডেই (Punam Pandey)। অভিনেত্ৰীগৰাকীয়ে এটা ভিডিঅ' শ্বেয়াৰ কৰি ৰাজ কুন্দ্ৰাই ভাবুকি দিয়াৰ অভিযোগ তুলিছে । তেওঁ ভিডিঅ'টোত প্ৰকাশ কৰা মতে, সেয়া, ২০১৯ চনৰ কথা...ব্যৱসায়ী ৰাজ কুন্দ্ৰাই তেওঁৰ আৰ্মছপ্ৰাইম মিডিয়াৰ এই অশ্লীল ছবিত অভিনয় কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল পুনমলৈ । কিন্তু পুনমে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল ।
পুনমৰ অভিযোগ অনুসৰি ইয়াৰ পাছতেই ৰাজ কুন্দ্ৰাই তেওঁক মানসিকভাৱে অশান্তি দি আছিল । অভিনেত্ৰীগৰাকীয়ে অভিযোগ তুলিছে যে, তেওঁৰ ফোন নম্বৰ ৰাজহুৱা কৰা হৈছিল আৰু লগতে এটা বাৰ্তা প্ৰেৰণ কৰা হৈছিল যে, "মই আপোনাৰ বাবে সকলো কাপোৰ খুলিম" । এই সন্দৰ্ভত পুনমে ৰাজ কুন্দ্ৰা আৰু আৰ্মচপ্ৰাইম মিডিয়াৰ তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । তেওঁলোকেই এই এপটো চলাই আছিল ।
পুনমে অভিযোগ উত্থাপন কৰিছিল যে, আৰ্মচপ্ৰাইম মিডিয়াৰ সৈতে তেওঁৰ চুক্তিৰ ম্যাদ সমাপ্ত হোৱাৰ পিছতো তেওঁলোকে অবৈধভাৱে তেওঁৰ ভিডিঅ' ব্যৱহাৰ কৰি আছিল । অভিনেত্ৰীগৰাকীয়ে মুখ খোলাৰ পাছতে বহু অপমানৰ বলি হৈ হৈছিল । তেওঁ এই বিষয়ত কৈছে যে, "যেতিয়া মই চুক্তিত স্বাক্ষৰ কৰিবলৈ নকৰো বুলি ক'লো, তেতিয়া তেওঁ মোৰ ফোন নম্বৰটো ৰাজহুৱা কৰিলে" ।
"লগতে এটা বাৰ্তা সকলোকে প্ৰেৰণ কৰিছিল য'ত লিখা আছিল যে, এতিয়া মোক ফোন কৰক । মই আপোনৰ বাবে সকলো কাপোৰ খুলিম"। এই ঘটনাৰ বিষয়ে মনত পেলাই পুনমে কয় যে, "মোৰ এতিয়াও মনত আছে মোৰ ফোন নম্বৰ ৰাজহুৱা হোৱাৰ পিছত মোৰ ফোনটো অহৰহভাৱে বাজি থাকে অৰ্থাৎ মোলৈ অজ্ঞাত নম্বৰৰ পৰা ফোন আহি থাকে । বিশ্বৰ বিভিন্ন স্থানৰ পৰা মোলৈ ফোন আহিছিল । বহু ভাবুকিপূৰ্ণ বাৰ্তাও মই পাইছিলো" ।