চিটাৰা ডেস্ক,20 অক্টোবৰঃ চিনেমা এনে এক মাধ্যম যাৰ জৰিয়তে খুব সহজতে কোনো গুৰুত্বপূৰ্ণ,গম্ভীৰ আলোচনা ,কোনো বাৰ্তা জনসাধাৰণৰ ওচৰলৈ নিব পাৰি ৷ প্ৰধানমন্ত্ৰী মোডীয়ে এই কথা ভালদৰে উপলদ্ধি কৰে ৷ শেহতীয়াকৈ শনিবাৰে এই সন্দৰ্ভত বলীউডৰ বহু তাৰকাৰ সৈতে আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী মোডী ৷ গান্ধীজীৰ 150 বৰ্ষীয়া জন্ম জয়ন্তীত বলীউডৰ তাৰকাসকলক মহাত্মা গান্ধীৰ ওপৰত ছবি নিৰ্মাণ কৰাৰ অৰ্থে অনুপ্ৰেৰিত কৰে ৷ এই অনুষ্ঠানত শ্বাহৰুখ খান , আমিৰ খান, কংগনা ৰাণাৱত , জেকলিন ফাৰ্ণাণ্ডেজ, ইমতিয়াজ আলী , একতা কাপুৰৰ দৰে বহু জনপ্ৰিয় তাৰকা উপস্থিত থাকে ৷
বলীউডৰ তাৰকাসকলক কি উপদেশ দিলে নৰেন্দ্ৰ মোডীয়ে ? - মহাত্মা গান্ধী আৰু প্ৰধান মন্ত্ৰী
মহাত্মা গান্ধীকলৈ চিনেমা নিৰ্মাণ কৰাৰ বাবে বলীউডক অনুপ্ৰাণিত কৰাৰ প্ৰয়াস প্ৰধানমন্ত্ৰীগৰাকীৰ
মোডীয়ে সকলোকে উদ্দেশ্য কৰি কয় যে, "গান্ধীজী হ'ল সৰলতাৰ প্ৰতীক ৷ তেওঁৰ ভাৱধাৰা সকলোতে ধ্বনিত হৈ আছে ৷ আমাৰ দেশ তথা পৃথিৱীখনক পুনৰ এবাৰ গান্ধীজীক পৰিচিত কৰাৰ প্ৰয়োজন ৷ আমাৰ চলচ্চিত্ৰ উদ্যোগত এই সময়ত গান্ধীজীক লৈ চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ প্ৰয়োজন আহি পৰিছে সেয়া কেৱল ব্যৱসায়ৰ অৰ্থে নহয় ৷ " আলোচনাৰ পিছত মোডীয়ে এই প্ৰসংগ নিজৰ টুইটাৰ যোগেও ব্যক্ত কৰে ৷
লগতে উল্লেখনীয় কথা যে, শীঘ্ৰেই চলচ্চিত্ৰ জগতৰ স'তে সাঙুৰ খাব " anti-camcording " বিল ৷ সদনৰ আগন্তুক শীতকালীন বৈঠকত এই বিল উত্থাপন কৰিব কেন্দ্ৰীয় চৰকাৰে ৷ শনিবাৰে ফিল্ম ফেটাৰনিটিৰ স'তে হোৱা মত বিনিময়ত এই কথা স্পষ্ট কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷