চিটাৰা ডেস্ক, ৬ জানুৱাৰী: শেহতীয়াকৈ ৰিয়া চক্ৰৱৰ্তীক সাক্ষাৎ কৰা নিৰ্দেশক ৰুমী জাফেৰীয়ে কয় যে, সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত মানুহে নিজৰ ইচ্ছামতে ভিত্তীহীনভাৱে মন্তব্য কৰিছে । তেওঁ কয় যে, ৰিয়ায়ো ন্যায় লাভ কৰাৰ অধিকাৰ আছে আৰু ৰিয়া সুশান্তৰ বান্ধৱী আছিল । ২০২০ চনৰ এপ্ৰিল মাহত দৃশ্যগ্ৰহণ আৰম্ভ হ'বলগীয়া আছিল সুশান্ত আৰু ৰিয়া অভিনীত তেওঁৰ আগন্তুক ছবিখন । ৱেবলইডৰ সৈতে হোৱা সাক্ষাৎকাৰত ৰুমীয়ে কয় যে, তেওঁ সেই ছবিখনৰ বিষয়ে ভাবিবলৈ এৰিছিল ।
এতিয়া চেহৰে নামৰ ছবিখন মুক্তি দিয়াৰ বাবে পুনৰ বিবেচনা কৰিছে নিৰ্দেশকগৰাকীয়ে । এই ছবিখনত ৰিয়াক দীৰ্ঘ বিৰতিৰ মূৰত অভিনয় কৰা দেখিবলৈ পোৱা যাব । ৰুমীৰ মতে, বেয়া দিন শেষ হৈছে । এতিয়াৰে পৰা ৰিয়াই ভাল সময় অতিবাহিত কৰিব । তেওঁ লগতে কয় যে, সকলোৱে সাহসী হ'বলৈ কয়, কিন্তু প্ৰকৃতে সাহসী হোৱা কিমান কঠিন সেয়া ভুক্তভোগীয়েহে অনুভৱ কৰিব পাৰে । ৰিয়াক এগৰাকী প্ৰতিভাসম্পন্ন শিল্পী বুলি অভিহীত কৰি নিৰ্দেশকগৰাকীয়ে কয় যে, ৰিয়া পুনৰ আগৰ দৰে হ'ব আৰু কৰ্মস্থলীলৈ উভতিব ।