চিটাৰা ডেস্ক,3 অক্টোবৰ: #MeTooIndia আন্দোলনক ভুৱা আখ্যা দিয়ে অভিনেত্ৰী পায়েল ঘোষে ৷ ছবি নিৰ্মাতা অনুৰাগ কাশ্য়পৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা পায়েল ঘোষে দুবছৰ পূৰ্বে আৰম্ভ হোৱা এই আন্দোলনৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে ৷
‘‘সকলো দোষীয়ে #MeTooIndia আন্দোলনৰ জৰিয়তে ক্লীন শ্বীট লাভ কৰিছে আৰু আন্দোলনটোৱে অভিযুক্তসকলক দোষী প্ৰমাণিত কৰিছে ৷ গতিকে তেওঁলোকক নিৰ্যাতনৰ বিৰুদ্ধে কিয় শাস্তি প্ৰদান কৰা হোৱা নাই?’’ টুইটাৰযোগে অভিনেত্ৰী গৰাকীয়ে এইদৰে প্ৰশ্ন উত্থাপন কৰে ৷