অসম

assam

ইৰফান খানৰ মৃত্যুৰ শোক প্ৰকাশ বিখ্যাত ঔপন্যাসিক পাওল' ক'য়েলহোৰ

By

Published : Apr 30, 2020, 5:14 PM IST

Updated : Apr 30, 2020, 5:25 PM IST

অভিনেতা ইৰফান খানৰ এখন ফটোৰ সৈতে ভাগৱত গীতাৰ এটা শ্লোকৰ উদ্ধৃতি দি অভিনেতাগৰাকীৰ বিয়োগত টুইট যোগে শোক প্ৰকাশ বিখ্যাত ঔপন্যাসিক পাওল' ক'য়েলহোৰ ।

Paulo Coelho mourns Irrfan Khan's death, quotes Bhagavad Gita
Paulo Coelho mourns Irrfan Khan's death, quotes Bhagavad Gita

নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ বুধবাৰে ভাৰতীয় ছবি জগতৰ এগৰাকী প্ৰখ্যাত অভিনেতা ইৰফান খানৰ বিয়োগে মৰ্মাহত কৰিছিল দেশবাসীক । 53 বছৰ বয়সত বুধবাৰে মুম্বাইৰ কোকিলাবেন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বলীউডৰ অভিনেতাগৰাকীয়ে । টিউমাৰত আক্ৰান্ত আছিল অভিনেতাগৰাকী ।

বলীউডৰ অভিনেতাগৰাকীৰ বিয়োগত বিভিন্নজনে শোক প্ৰকাশ কৰাৰ লগতে বিখ্যাত ঔপন্যাসিক পাওল' ক'য়েলহোয়ো অভিনেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ভাগৱত গীতাৰ এটি শ্লোকৰ উদ্ধৃতি প্ৰদান কৰি টুইটাৰত এনেদৰে প'ষ্ট কৰে ঔপন্যাসিকগৰাকীয়ে ।

এটা তৰাই আন এটা তৰাক আকাশত লগ কৰিছে । সকলোবোৰৰ বাবে ধন্যবাদ, ইৰফান খান ।

"মৃত্যু জন্মাৰ লগতে নিশ্চিত । সেইবাবে যিটো অপৰিহাৰ্য তাৰ বাবে দুখ কৰিব নালাগে ।" - ভাগৱত গীতা

শেষবাৰৰ বাবে অভিনেতাগৰাকীক অংগ্ৰেজী মেডিয়াম ছবিখনত দেখা পোৱা গৈছিল । নিজৰ বলিষ্ঠ অভিনয়ৰ ফলত হলীউডটো নাম উজ্বলাবলৈ সক্ষম হৈছিল ইৰফান খানে ।

Last Updated : Apr 30, 2020, 5:25 PM IST

ABOUT THE AUTHOR

...view details