চিটাৰা ডেস্ক, 28 মাৰ্চ:মেল’ডি কুইন লতা মংগেশকাৰ আৰু কিংবদন্তী অভিনেতা দিলীপ কুমাৰক স্মৰণ কৰা ন’হল অস্কাৰৰ ৯৪ তম সংস্কৰণত ৷ একাডেমী এৱাৰ্ডছৰ পুৰস্কাৰ বিতৰণৰ 'ইন মেমৰিয়াম' শাখাত অন্তৰ্ভুক্ত নহ’ল এই দুই যশস্বী শিল্পী ৷ অস্কাৰৰ আয়োজকসকলৰ এই কাৰ্যই ক্ষোভিত কৰি তুলিছে ভাৰতীয় অনুৰাগীসকলক। চলিত বৰ্ষত লতাদী আৰু দিলীপ কুমাৰক ব্ৰিটিছ একাডেমী ফিল্ম এণ্ড টেলিভিছন এৱাৰ্ড (বাফটা)ৰ দ্বাৰা সন্মানিত কৰাৰ পিছত অস্কাৰৰ এই বৰ্ষৰ সমাৰোহত ভাৰতীয় মনোৰঞ্জন ক্ষেত্ৰৰ মহান শিল্পী দুগৰাকীৰ নাম উচ্চাৰণ নোহোৱা ঘটনাটো সঁচাকৈয়ে আশ্চৰ্যকৰ বিষয় (Oscar 2022 ceremony) ৷
অস্কাৰৰ 2021 সংস্কৰণত অভিনেতা ইৰফান খান আৰু অস্কাৰ বিজয়ী পোছাক ডিজাইনাৰ ভানু অথাইয়াক শ্ৰদ্ধাঞ্জলি শাখাত উপস্থাপন কৰা হৈছিল ৷ আনহাতে বলীউড তাৰকা ঋষি কাপুৰ আৰু সুশান্ত সিং ৰাজপুতৰ নাম একাডেমী অফ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সেছ (এএমপিএএছ)ৰ অফিচিয়েল ৱেবছাইটত উল্লেখ হৈছিল । অনুৰাগীসকলে টুইটাৰৰ জৰিয়তে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে ৷ সৰ্বকালৰ দুগৰাকী মহান ব্যক্তি লতা মংগেশকাৰ আৰু দিলীপ কুমাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন নকৰা কথাটোৱে সকলো ভাৰতীয়ৰে অন্তৰত আঘাত হানিছে (Oscar leave out Lata Mangeshkar Dilip Kumar) ৷