চিটাৰা ডেস্ক,27 ফেব্ৰুৱাৰী:ভুৱা ই-মেইলৰ গোচৰ সন্দৰ্ভত বিবৃতি ৰেকৰ্ড কৰাৰ উদ্দেশ্যে শনিবাৰে পুৱা প্ৰায় 11:45 বজাত ক্ৰাইম ইণ্টেলিজেন্স ইউনিট (চিআইইউ) ৰ আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈছে বলিউদৰ অভিনেতা হৃতিক ৰোশন ৷ মুম্বাইৰ অপৰাধ শাখাই কংগনা ৰাণাৱটলৈ হৃতিকৰ নামত কৰা ভুৱা ই-মেইলৰ গোচৰত অভিনেতা গৰাকীক তলৱ কৰিছিল ৷
2016 চনৰ হৃতিকে এক অভিযোগ কৰিছিল যে, তেওঁৰ নামত অভিনেত্ৰী কংগনা ৰাণাৱটলৈ কিছুমান ই-মেইল প্ৰেৰণ হৈছে আৰু এই কাম তেওঁ কৰা নাই ৷ উক্ত অভিযোগত এই কথা উল্লেখ কৰা হৈছিল যে, কোনো দুস্কৃতিকাৰীয়ে হৃতিকৰ নাম লৈ অভিনেত্ৰী কংগনা ৰাণাৱটক কোনো ভুৱা ই-মেইল একাউণ্টেৰে মেইল কৰিছে ৷ এই অভিযোগৰ পাছতে দুয়োগৰাকীৰ মাজত যথেষ্ট বিবাদৰ সৃষ্টি হৈছিল ৷
অভিনেত্ৰী গৰাকীয়ে হৃতিকক silly ex হিচাপে আখ্যা দিয়াৰ পাছতে 2016 চনত হৃতিকে ৰাণাৱটলৈ এখন আইনী জাননী প্ৰেৰণ কৰিছিল ৷ উল্লেখ্য যে অভিনেতা গৰাকীয়ে কংগনাৰ সতে কোনো ধৰণৰ সম্পৰ্কত থকাৰ কথা অস্বীকাৰ কৰিছিল ৷