চিটাৰা ডেস্ক, 15 মাৰ্চ : বলীউডৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাটৰ আজি 29 বছৰীয়া জন্মদিন ৷ নিজৰ অভিনয়ৰ যাদুৰে চলচ্চিত্ৰপ্ৰেমী দৰ্শকৰ হৃদয়ত ইতিমধ্যেই এখন সুকীয়া আসন দখল কৰি লৈছে আলিয়াই ৷
প্ৰেমিক ৰণবীৰ কাপুৰৰে সৈতে বিভিন্ন বাতৰিৰে আলিয়া প্ৰায়ে সংবাদ মাধ্যমৰ চৰ্চাত থাকে ৷ বলীউডৰ এই জনপ্ৰিয় যুঁটি ৰণবীৰ-আলিয়াৰ বিয়াখনক লৈ বলীউডতো এতিয়া চলিছে আলোচনা ৷ দুয়োগৰাকী তাৰকাৰ অনুৰাগীসকলেও অধীৰ অপেক্ষাৰে ৰৈ আছে বিয়াখনলৈ ৷
দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কত বান্ধ খাই থকা এই যুঁটিৰ প্ৰথমখন ছবিয়ে অতি শীঘ্ৰেই কৰিব মুক্তি লাভ (Ranbir Alia first movie together) ৷ দুয়োৰে অন স্ক্ৰীন কেমেষ্ট্ৰী উপভোগ কৰিবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে দৰ্শক (Ranbir Alia movie together) ৷ ৰণবীৰ-আলিয়া অভিনীত ছবি ব্ৰহ্মাস্ত্ৰৰ নিৰ্দেশনা আয়ান মুখাৰ্জীৰ ৷