চিটাৰা ডেস্ক, 23 মাৰ্চ :বলীউডৰ কুইনখ্যাত কংগনা ৰানাৱটে আজি গৰকিলে 35 বছৰ ৷ অভিনেত্ৰী গৰাকীৰ জন্মদিনত তেওঁৰ সুস্বাস্থ্য় আৰু দীৰ্ঘায়ু কামনাৰে অনুৰাগীসকলে শুভেচ্ছা জ্ঞাপন কৰিছে ৷ নিজৰ জন্মদিনত ভগৱানৰ আশীষ বিচাৰি কাশ্মীৰৰ ৰিয়েছি জিলাস্থিত বৈষ্ণো দেৱী দৰ্শন কৰিবলৈ যায় কংগনা ৰানাৱট (Kangana Ranaut birthday celebration) ৷
অভিনেত্ৰী গৰাকীয়ে নিজৰ ইন্ষ্টাগ্ৰামৰ জৰিয়তে তেওঁৰ বৈষ্ণো দেৱী দৰ্শনৰ কেইখনমান ফটো অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰে (Kangana Ranaut latest news)৷ ফটোসমূহত কংগনাক ৰঙী-বিৰঙী এযোৰ জনজাতীয় সাজপাৰত দেখা গৈছে ৷ কংগনাৰ ভগ্নী ৰংগোলী চাণ্ডেলো তেওঁৰ সৈতে বৈষ্ণো দেৱী মন্দিৰলৈ গৈছিল (Kangana visits vaishno devi on birthdhay) ৷
ইন্ষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰি কংগনাই অনুৰাগীসকলক ইমান মৰম আৰু শুভেচ্ছা জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ নিজৰ জন্মদিনৰ দিনটোত বৈষ্ণো দেৱী আৰু পিতৃ-মাতৃৰ পৰা আশীষ বিচাৰি বছৰৰ আগন্তুক দিনসমূহ ভালদৰে যোৱাৰ আশা কৰে অভিনেত্ৰী গৰাকীয়ে (Kangana Ranaut age) ৷