চিটাৰা ডেস্ক, 24 আগষ্ট: সোমবাৰৰ দিনটোত টুইটাৰত ট্ৰেণ্ড হোৱা #Boycott_Kangana হেশ্বটেগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ পৰিছে অভিনেত্ৰী কংগনা ৰানাৱটে ৷ কিছুমান ‘মাফিয়া’ই তেওঁক হতাশ কৰিবৰ বাবে এই কাম কৰা বুলি প্ৰত্যুত্তৰ দিয়ে অভিনেত্ৰী কংগনাই ৷
দিনটোৰ শীৰ্ষ ট্ৰেণ্ড #Boycott_Kangana সন্দৰ্ভত নিজৰ মাইক্ৰ’ব্লগিং একাউণ্টযোগে কংগনাই কয় যে, ‘‘অৱশেষত এন্দুৰ গাঁতৰ পৰা ওলাই আহিল’’ ৷
ইয়াৰোপৰি ৰণবীৰ কাপুৰ, কৰণ জোহৰ, আলিয়া ভাট আৰু বৰুণ ধৱনৰ এখন ক’লাজ ফটোত এফালে ‘ভাইৰাছ’ আৰু আনফালে ‘চেনিটাইজাৰ’ কেপচন লিখি তেওঁ ফটোখন শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে ৷