চিটাৰা ডেস্ক, ২৬ ডিচেম্বৰ: বলীউড অভিনেতা অৰছদ ৱৰ্ছিয়ে বহু প্ৰতীক্ষিত মুন্নাভাই ফ্ৰেনচাইজিৰ তৃতীয়খন ছবিৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে । নিৰ্দেশক ৰাজ কুমাৰ হিৰাণী আৰু লিখক অভিজিৎ যোশীৰ ওচৰত তিনি খন স্ক্ৰীপ্ট আছে বুলি জানিবলৈ দিছে অৰছদে । ২০০৩ চনত মুক্তি লাভ কৰা প্ৰথমখন ছবি 'মুন্নাভাই এমবিবিএছে' দৰ্শকৰ পৰা বিপুল সঁহাৰি লাভ কৰে ।
ইয়াৰ পিছত ২০০৬ চনত ছবিখনৰ ছিকুৱেল 'লগে ৰহ' মুন্নাভাই' ছবিখনেও সফলতা লাভ কৰিছিল । পূৰ্বৰ দুখন ছবিত সঞ্জয় দত্তই মুন্নাভাই আৰু অৰছদ ৱৰ্ছিয়ে চাৰ্কিটৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল । বিগত কিছু দিন ধৰি তৃতীয়খন ছবিৰ বিষয়েও চৰ্চা আৰম্ভ হৈছে । কিন্তু কোনো ধৰণৰ নিশ্চয়তা প্ৰকাশ হোৱা নাছিল । শেহতীয়াকৈ অভিনেতা অৰছদ ৱৰ্ছিয়ে কয় যে, তৃতীয়খন ছবিৰ বাবে তিনিখন স্ক্ৰীপ্ট আছে ।