চিটাৰা ডেস্ক, 22 ফ্ৰেব্ৰুৱাৰী:বলীউডৰ তাৰকা সন্তানে ৰূপালী পৰ্দাত ভূমূকি মৰাটো তেনেই সাধাৰণ কথা ৷ সৰহ সংখ্যকেই বিভিন্ন ডিগ্ৰী লৈয়ো পিছত অভিনয়কে পেছা হিচাপে বাচি লয় ৷ সচৰাচৰ দেখা যায় খুব কমহে এনে ষ্টাৰ কিড্ছ আছে যি ছবি জগতৰ প্ৰতি আগ্ৰহী নহয় ৷ এনে সময়তে বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খানৰ অনুৰাগীসকল অধিৰ আগ্ৰহেৰে ৰৈ আছে তেওঁৰ সন্তানকো ৰূপালী পৰ্দাত চাবলৈ (SRk son Aryan Khan debut) ৷
জানিব পৰা গৈছে যে, কন্যা সুহানাই ইতিমধ্যেই অভিনয়লৈ মন মেলিছে ৷ পিছে জুনিয়ৰ খানৰ হেনো কেমেৰাৰ পিছফালৰ জগতখনতহে বেছি মন ৷ শেহতীয়া এটা সাক্ষ্যাৎকাৰত এই কথা প্ৰকাশ পাইছে যে আৰিয়ানৰ মন ছবিতকৈ বেছি কিতাপৰ ফালেহে ৷