চিটাৰা ডেস্ক, ৪ এপ্ৰিল: ৰোমাণ্টিক-কমেডী ছবি 'চালবাজ ইন লণ্ডন'ত অভিনয় কৰিবলৈ সাজু হৈছে অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ । পংকজ পৰাশৰৰ পৰিচালিত ছবি 'চালবাজ ইন লণ্ডন' । ১৯৮৯ চনত শ্ৰীদেৱীয়ে ক্লাছিক 'চালবাজ ইন লণ্ডন'ৰ চৰিত্ৰত অভিনয় কৰিছিল । ছবিখন ভূষণ কুমাৰ, কৃষাণ কুমাৰৰ টি চিৰিজ, পৰিচালক আহমেদ খান আৰু শ্বাইৰা খানৰ পেপাৰ ডল এণ্টাৰটেইনমেণ্টৰ এক যুটীয়া প্ৰযোজনা ।
ছবিখনত শ্ৰদ্ধাই দ্বৈত চৰিত্ৰত অভিনয় কৰিব । ইয়াকে লৈ সম্প্ৰতি যথেষ্ঠ উৎসাহী হৈ পৰিছে অভিনেত্ৰী গৰাকী ৷ এই সন্দৰ্ভত শ্ৰদ্ধাই মন্তব্য কৰে যে তেওঁৰ ওপৰত এক গধুৰ দায়িত্ব আছে যদিও সুখী । কিয়নো ভূষণ কুমাৰ আৰু আহমেদ খানে শ্ৰদ্ধাৰ প্ৰতি বিশ্বাস ৰাখি এই দায়িত্ব দিছে । ইয়াৰোপৰি, পংকজ পৰাশৰৰ সৈতে কাম কৰাটো তেওঁৰ বাবে এক মহান সুযোগ বুলিও উল্লেখ কৰে ।