চিটাৰা ডেস্ক,19জুলাইঃ সঞ্জয় লীলা ভাঞ্চালীৰ ছবি গংগুবাই কাঠিয়াবাড়ীত আলিয়া ভাট আৰু অন স্ক্ৰীণ প্ৰেমিকৰ মাজত থকা প্ৰেমৰ অন্তৰংগ মূহুৰ্তবোৰ আঁতৰোৱা হৈছে স্ক্ৰীপ্টৰ পৰা ৷ ইয়াৰ মূল কাৰণটো হৈছে মহামাৰী COVID-19 ৷ লক্ ডাউনৰ পিছত শ্বুটিঙক লৈ বহু নীতি-নিৰ্দেশনাৱলী প্ৰদান কৰা হৈছে ৷
জানিব পৰা মতে, ছবিত শাৰীৰিক অন্তৰংগতাকলৈও বহু নীতি-নিয়ম প্ৰদান কৰা হৈছে ৷ সম্প্ৰতি শ্বুটিঙৰ সময়ত সামাজিক দূৰত্ব মানি চলাটো নিতান্তই আৱশ্যকীয় কৰি তুলিছে ৷ সেয়ে শেহতীয়াকৈ সঞ্জয় লীলা ভাঞ্চালীয়ে , ছবিখনত থকা আলিয়া ভাট আৰু নৃত্য শিল্পী শান্তনু মহেশ্বৰীৰ মাজৰ প্ৰেমৰ মূহুৰ্ত আঁতৰোৱাৰ সিদ্ধান্ত লৈছে ৷