অসম

assam

ETV Bharat / sitara

সুশান্তৰ মৃত্যু সন্দৰ্ভত চি.বি.আই তদন্তৰ আবেদন নীতিশ কুমাৰৰ - সুশান্তৰ মৃত্যু সন্দৰ্ভত চি.বি.আই তদন্তৰ আবেদন নীতিশ কুমাৰৰ

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত চি.বি.আই তদন্তৰ বাবে আবেদন কৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৷ ইয়াৰ বাবে গোহাৰি জনাইছিল সুশান্তৰ পিতৃয়ে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ে অৱশ্যে এই সন্দৰ্ভত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই ৷

Nitish Kumar recommends cbi investigation in Sushant Singh case
সুশান্তৰ মৃত্যু সন্দৰ্ভত চি.বি.আই তদন্তৰ আবেদন নীতিশ কুমাৰৰ

By

Published : Aug 4, 2020, 12:37 PM IST

চিটাৰা ডেস্ক,4 আগষ্টঃ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে অভিনেতা সুশান্ত সিং ৰাজপুতৰ ঘটনা সন্দৰ্ভত চি.বি.আই তদন্তৰ বাবে আবেদন জনাইছে ৷

সোমবাৰে বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনৰ সময়তে সকলো দলৰ সৈতে একেলগ হৈ বিহাৰ চৰকাৰে চি.বি.আই তদন্তৰ বাবে আবেদন জনায় ৷

সুশান্তৰ আত্মহত্যা সন্দৰ্ভত মুম্বাই আৰক্ষীৰ সমান্তৰালভাৱে বিহাৰৰ আৰক্ষীও তদন্ত অব্যাহত ৰাখিছে ৷ এই ঘটনা সন্দৰ্ভত বুধবাৰে এক শুনানি অনুষ্ঠিত হ'ব চুপ্ৰীম ক'ৰ্টত ৷ সুশান্তৰ পিতৃয়ে সুশান্তৰ আত্মহত্যাৰ আঁৰত তেওঁৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ পৰিয়ালবৰ্গ,জড়িত বুলি এক গোচৰ দাখিল কৰিছিল বিহাৰ আৰক্ষী থানাত ৷

এই ঘটনা সন্দৰ্ভত ইতিমধ্যে Enforcement Directorateনিজৰ তদন্ত আৰম্ভ কৰিছে ৷Enforcement Directorateএ ইতিমধ্যে সুশান্তৰ Chartered Accountantৰ সৈতে টকা পইচাৰ লেনদেন সন্দৰ্ভত সোধ-পোচ আৰম্ভ কৰিছে ৷

লগতে পঢ়কঃ বিশিষ্ট সংগীত শিল্পী যজ্ঞ বেজবৰুৱাৰ দেহৱসান

ABOUT THE AUTHOR

...view details