চিটাৰা ডেস্ক, 14 জানুৱাৰী :কেটৰিণাৰ বাবে এইবছৰৰ অতিকৈ বিশেষ এটা উৎসৱ কি বুলি কবলৈ গ’লে, সেইয়া হ’ব লোহৰী ৷ যিহেতু স্বামী বিকী কৌশলৰ সৈতে কেটৰিণাই একেলগে উদযাপন কৰিছে এই উৎসৱ ৷ বিয়াৰ পিছত নৱ-বিবাহিত বিকি-কেটৰিণাই পৰিয়ালৰ পৰা আঁতৰি বিকীৰ চিত্ৰগ্ৰহণ হৈ থকা এখন ছবিৰ শ্বুট্ং স্থলী ইন্দোৰত পালন কৰিলে লোহৰী ৷
শুকুৰবাৰে কেটৰিণাই ইন্ষ্টাগ্ৰাম ষ্টোৰীত Lohri Celebration ৰ কেইখনমান ফটো দি পুনৰ অনুৰাগীক দৃষ্টি আকৰ্ষণ কৰে ৷
কেটৰিণাই পোষ্ট কৰা ফটো কেইখনত দুয়োকে যথেষ্ট উৎফুল্লিত হৈ থকা দেখিবলৈ পোৱা গৈছে ৷ ৰঙা চেলৱাৰ চুট আৰু ক’লা ৰঙৰ জেকেটেৰে বিকীৰ দুবাহুত কেটৰিণাৰ উজ্জল চেহেৰাই সকলোকে মোহিত কৰিছে ৷ আনহাতে বিকীক দেখা গ’ল আৰামদায়ক athleisure পোছাকত ৷