চিটাৰা ডেস্ক, ২৬ ডিচেম্বৰ: অভিনেত্ৰী মালাইকা আৰোৰাই প্ৰকাশ কৰিলে যে, কোৱাৰেণ্টাইন সংগীৰ বিষয়ে কিছু কথা । তেওঁ সংগী গৰাকীৰ নাম লোৱাৰ পৰা বিৰত থাকে যদিও তেওঁৰ কথাই সেই সংগীগৰাকী অৰ্জুন বুলি স্পষ্ট ইংগিত দিছে । তেওঁ কয় যে, অৰ্জুনে মানুহক যথেষ্ট মনোৰঞ্জন দিব পাৰে আৰু লকডাউনৰ আমনিদায়ক সময়খিনি আনন্দৰে পাৰ কৰিবলৈ অৰ্জুনৰ লগত যিকোনো মানুহেই থাকিব পাৰিব ।
অৰ্জুনে পূৰ্বে কৈছিল যে, তেওঁ এতিয়াও ৰাজহুৱা স্থানত মালাইকাৰ সৈতে একেলগে সময় কটাবলৈ বাকী আছে । কিন্তু মালাইকাৰ শেহতীয়া সাক্ষাৎকাৰে অৰ্জুনে মালাইকাক সংগ দিয়াৰ কথা প্ৰমাণিত হয় । ৪৭ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে সাক্ষাৎকাৰত কয় যে, তেওঁ কোৱাৰেণ্টাইন সংগীগৰাকীৰ কথা নোকোৱাকৈ থাকিব নোৱাৰে । অৰ্জুন বহুত ধেমেলীয়া আৰু মানুহক আমোদ দিব পাৰে । এটা চেনেলৰ অনলাইন সাক্ষাৎকাৰত মালাইকাক প্ৰশ্ন সোধা হৈছিল যে, কোনগৰাকী অভিনেতাৰ সৈতে তেওঁ কোৱাৰেণ্টাইনৰ সময় কটাব বিচাৰে, যিয়ে তেওঁক মনোৰঞ্জন দিব পাৰে ।