অসম

assam

ETV Bharat / sitara

2021 ত প্ৰতি সপ্তাহত এখনকৈ নতুন ছবি মুক্তি দিব নেটফ্লিক্সে - চলিত বৰ্ষত মুঠ 71 খন ছবি মুক্তি দিয়াৰ বাবে সাজু হৈছে নেটফ্লিক্স

2021 ৰ বাবে নতুন পৰিকল্পনাৰে সাজু নেটফ্লিক্স ৷ প্ৰতি সপ্তাহত মুঠ 71 খন অৰ্থাৎ প্ৰতি সপ্তাহৰ অন্তত এখনকৈ ছবি মুক্তি দিয়াৰ প্ৰতিশ্ৰুতি নেটফ্লিক্সৰ ৷

Netflix vows to release a new movie every week in 2021
Netflix vows to release a new movie every week in 2021

By

Published : Jan 13, 2021, 4:50 PM IST

চিটাৰা ডেস্ক, 13 জানুৱাৰী:2021 ৰ বাবে নতুন পৰিকল্পনাৰে দৰ্শকৰ মন জয় কৰিবলৈ সাজু হৈছে নেটফ্লিক্স ৷ বিবিধ ভাষা তথা বিভিন্ন বিষয়ধৰ্মী ছবি উপলব্ধ এই অটিটি প্লেটফৰ্মটোৱে জানিবলৈ দিয়ে যে চলিত বৰ্ষত মুঠ 71 খন ছবি মুক্তি দিয়াৰ বাবে প্লেটফৰ্মটো সাজু হৈছে ৷ অৰ্থাৎ প্ৰতি সপ্তাহৰ অন্তত প্লেটফৰ্মটোৱে এখনকৈ ছবি মুক্তি দিব ৷

চলিত বৰ্ষত মুঠ 71 খন ছবি মুক্তি দিয়াৰ বাবে সাজু হৈছে নেটফ্লিক্স

মংগলবাৰে মুক্তিপ্ৰাপ্ত এটা চিজল ৰিলত তেওঁলোকে আহিব লগীয়া ছবি সমূহত ভুমুকি মাৰিব লগীয়া অভিনয় জগতৰ কেইগৰাকীমান বিশেষ প্ৰতিভাশালী ব্যক্তিৰ নাম প্ৰকাশ কৰে ৷ এই ছবি সমূহৰ ভিতৰত আছে লিঅ'নাৰ্ড ডি কাৰপিও আৰু জেনিফাৰ লৰেন্স অভিনিত ড'ন্ট লুক আপ মেৰিল ষ্ট্ৰিপ, ডুৱেইন জনচনৰ সৈতে ৰেড নটিচ, ৰায়ান ৰেন'ল্ড আৰু গেল গড' , ইড্ৰিচ এলবাৰ সৈতে কক্ৰিট কাউবয় আৰু বহুতো ৷

লগতে পঢ়ক:আকৰ্ষণীয় বেলী নৃত্য প্ৰদৰ্শন জাহ্নৱী কাপুৰৰ

ABOUT THE AUTHOR

...view details