অসম

assam

ETV Bharat / sitara

ভাতৃ ট'নি কক্কৰৰ জন্মদিনত কি ক'লে নেহা কক্কৰে ? - জনপ্ৰিয় গায়ক ট'নি কক্কৰ

আজি কন্ঠশিল্পী ট'নি কক্কৰৰ জন্মদিন ৷ জন্মদিন উপলক্ষ্যে ভগ্নী নেহাই নিজৰ ইনষ্টাগ্ৰাম একাউন্ট যোগে ভায়েকক মৰমৰ ভাষাৰে জ্ঞাপন কৰে জন্মদিনৰ শুভকামনা ৷ লগতে শ্বেয়াৰ কৰে ভায়েকৰ সৈতে বহুকেইখন ফটো ৷

neha kakkar gives special wishes for her brother tony kakkar
ভাতৃ ট'নি কক্কৰৰ জন্মদিনত কি ক'লে নেহা কক্কৰে ?

By

Published : Apr 9, 2020, 3:19 PM IST

চিটাৰা ডেস্ক,9 এপ্ৰিলঃধীমে ধীমে , ক'কা ক'লা টুৰ দৰে গীতৰ জনপ্ৰিয় গায়ক ট'নি কক্কৰৰ আজি জন্মদিন ৷ জন্মদিনৰ দিনা তেওঁৰ ভগ্নী তথা বলীউডৰ জনপ্ৰিয় গায়িকা নেহা কক্কৰে ছ'চিয়েল মিডিয়া যোগে ভাতৃৰ বিশেষ দিনৰ শুভকামনা জ্ঞাপন কৰে ৷ নেহাই ইনষ্টাগ্ৰামযোগে ট'নি কক্কৰৰ সৈতে একেলগে উঠা বহুকেইখন ফটো শ্বেয়াৰ কৰে ৷ দুয়োৰে ফটোকেইখন যথেষ্ট পচন্দ কৰিছে অনুৰাগীসকলে ৷ লগতে ট'নি কক্কৰক জন্মদিনৰ শুভকামনা জনাই দুয়োৰে অনুৰাগীসকলে ৷

নেহা কক্কৰৰ দ্বাৰা শ্বেয়াৰ কৰা এই প'ষ্টটো বৰ্তমানলৈকে 9 লাখ 32 হাজাৰ 514 জন মানুহে পচন্দ কৰিছে ৷ জনাই থওঁ যে, জন্মদিন উপলক্ষ্যে বৃহস্পতিবাৰে বিয়লি 3 বজাত টিকটক যোগে লাইভ আহিব কন্ঠশিল্পীগৰাকী ৷

লগতে পঢ়কঃলক ডাউনঃ এইবাৰ ৰঙালীয়ে ৰং সানিব নোৱাৰে শিল্পীৰ জীৱনত

ABOUT THE AUTHOR

...view details