চিটাৰা ডেস্ক,10 এপ্ৰিলঃ বলীউডত এক সুকীয়া পৰিচয় তথা নাম গঢ়িবলৈ সক্ষম হৈছে জনপ্ৰিয় কন্ঠশিল্পী নেহা কক্কৰে ৷ বলীউডত এটাৰ পিছত এটা হিট গীত দিবলৈ সক্ষম হৈছে কন্ঠশিল্পীগৰাকী ৷ নেহা কক্কৰৰ গৰ্মী, আঁখ মাৰে, অ' চাকি, দিলবৰ আৰু কালা চশমাৰ দৰে বহু জনপ্ৰিয় গীত এতিয়া মানুহৰ মুখে মুখে ৷
কিন্তু এটা কথা জানি আপুনি আচৰিত হ'ব যে, তেওঁ বলীউড ইণ্ডাষ্ট্ৰীত নেপথ্য কন্ঠ দিয়াৰ বাবে বৰঙণি নাপায় ৷ নেহাই শেহতীয়াকৈ জনাই যে, " বলীউডত গান গোৱাৰ বাবে আমি বৰঙণি নাপাওঁ, কাৰণ নিৰ্মাতাই ভাবে ,আমি যদি এটা চুপাৰহিট গান গাই দিওঁ তেতিয়া নিজৰ শ্ব'বোৰৰ মাধ্যমৰ পৰাই টকা অৰ্জন কৰিব পাৰিম ৷ "