অসম

assam

ETV Bharat / sitara

শীঘ্ৰেই যুগ যুগ জীঔৰ দৃশ্যগ্ৰহণস্থলীলৈ উভতিব নীতু কাপুৰ, বৰুণ ধৱন - wednesday

অভিনেতা বৰুণ ধৱন আৰু নীতু কাপুৰে চণ্ডীগড়ত আগন্তুক ছবি যুগ যুগ জীঔৰ দৃশ্যগ্ৰহণ কৰি থকাৰ সময়তে COVID-১৯ত আক্ৰান্ত হৈছিল । যোৱা ১১ ডিচেম্বৰৰত কৰা পৰীক্ষাত নীতু কাপুৰ মহামাৰীৰ কবলৰ পৰা মুক্ত হোৱাৰ কথা স্পষ্ট হৈ পৰে । বৰুণ ধৱনো সম্প্ৰতি সুস্থ হৈ উঠিছে । ১৪ দিনৰ হোম আইছ'লেছনৰ সময় অন্ত পৰাৰ পিছতে পুনৰ যুগ যুগ জিঅ'ৰ দৃশ্যগ্ৰহণস্থলীলৈ উভতিব দুয়োগৰাকী ।

শীঘ্ৰেই যুগ যুগ জিঅ'ৰ দৃশ্যগ্ৰহণস্থলীলৈ উভতিব নীতু কাপুৰ, বৰুণ ধৱন
শীঘ্ৰেই যুগ যুগ জিঅ'ৰ দৃশ্যগ্ৰহণস্থলীলৈ উভতিব নীতু কাপুৰ, বৰুণ ধৱন

By

Published : Dec 16, 2020, 10:33 PM IST

চিটাৰা ডেস্ক, ১৬ ডিম্বেম্বৰ: সুস্থ হৈ উঠিছে COVID-১৯ত আক্ৰান্ত হোৱা বলীউড অভিনেতা বৰুণ ধৱন আৰু অভিনেত্ৰী নীতু কাপুৰ । শীঘ্ৰেই যুগ যুগ জীঐৰ দৃশ্যগ্ৰহণস্থলীলৈ উভতিব বৰুণ আৰু নীতু কাপুৰ । চণ্ডীগড়ত ৰাজ মেহতাই নিৰ্দেশনা কৰা যুগ যুগ জিঅ'ৰ দৃশ্যগ্ৰহণ চলি থকাৰ মাজতে মহামাৰীত আক্ৰান্ত হৈছিল দুয়োগৰাকী তাৰকা । নীতু কাপুৰ সুস্থ হৈ উঠাৰ এসপ্তাহ পিছত এতিয়া বৰুণ ধৱনো আৰোগ্য হৈছে । ১৪ দিনৰ হোম আইছ'লেছনৰ সময় অন্ত পৰাৰ পিছতে পুনৰ দৃশ্যগ্ৰহণস্থলীলৈ উভতিব দুয়োগৰাকী ।

যদিও বৰুণে এতিয়ালৈকে নিজৰ স্বাস্থ্য সন্দৰ্ভত কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই, একাংশ সূত্ৰই প্ৰকাশ কৰা মতে শেহতীয়া COVID-১৯ৰ পৰীক্ষাত অভিনেতাগৰাকীৰ দেহত ভাইৰাছৰ অনুপস্থিতি প্ৰমাণিত হৈছে । মঙলবাৰে পুনৰ এবাৰ বৰুণ ধৱনৰ COVID-১৯ৰ পৰীক্ষা সম্পন্ন হয় । এই পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰিহে তেওঁ দৃশ্যগ্ৰহণৰ কাম কেতিয়া পুনৰ আৰম্ভ কৰিব সেই কথা জানিব পৰা যাব ।

ৰাজ মেহতাৰ অনুপস্থিতিত ছবি নিৰ্মাতা শশাংক খৈতানে দৃশ্যগ্ৰহণৰ দায়িত্ব পালন কৰি আছে আৰু কিয়াৰা আদৱানী আৰু অনিল কাপুৰৰ সৈতে দৃশ্যগ্ৰহণ অব্যাহত ৰাখিছে । উল্লেখ্য সুদীৰ্ঘ ৭ বছৰৰ পিছত নীতু কাপুৰে পুনৰ ছবিত অভিনয় কৰিছে । তেওঁক ২০১৩ চনত 'বেছৰম' ছবিত শেষবাৰৰ বাবে দেখিবলৈ পোৱা গৈছিল । ছুপাৰষ্টাৰ স্বামী ঋষি কাপুৰৰ সৈতে অভিনয় কৰিছিল নীতু কাপুৰে ।

লগতে পঢ়ক:'Text For You' বোলছবিৰ পৰ্দাৰ আঁৰৰ ফটো শ্বেয়াৰ প্ৰিয়ংকা চোপ্ৰাৰ

ABOUT THE AUTHOR

...view details