নেশ্যনেল ডেস্ক,৯ অক্টোবৰ :মুম্বাইৰ ড্ৰাগছ অন ক্ৰুজ (Drugs on Cruise) ঘটনাই লৈছে নতুন মোৰ । নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিয়ে দাবী কৰা মতে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ' চমুকৈ এনচিবিয়ে এই ঘটনাৰ লগত জড়িত বিজেপি নেতাৰ আত্মীয়ক মুকলি কৰি দিছে । ঘটনা সংক্ৰান্তত আটক হোৱা বিজেপি নেতাৰ আত্মীয়সহ তিনিজনক এনচিবিয়ে মুকলি কৰি দিয়াৰ অভিযোগ তুলিছে দলটোৱে । লগতে এই ঘটনা পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰ বুলি দাবী কৰিছে নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিয়ে ।
সংবাদ মাধ্যমক সম্বোধন কৰি এনচিপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা মহাৰাষ্ট্ৰৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী নৱাব মালিকে কয় যে জাহাজখনত অভিযান চলোৱাৰ পাছত মুঠ ১১ জন লোকক আটক কৰা হৈছিল । যিসকলৰ ভিতৰত আছে বলীউডৰ তাৰকা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানো । তেওঁৰ মতে প্ৰথমে ১১ জন লোকক আটক কৰা হৈছিল আৰু পুৱালৈ মুম্বাই আৰক্ষীৰ হাতত সকলো তথ্য আছিল । কিন্তু পৰৱৰ্তী সময়ত বাতৰি অনুসৰি ৮ গৰাকী লোককহে গ্ৰেপ্তাৰ কৰা হয় আৰু বাকী ৩ জনক মুকলি কৰি দিয়া হয় ।
মন্ত্ৰীগৰাকীয়ে দাবী কৰা মতে ঋষভ সচদেৱা, প্ৰতীক গাবা আৰু আমিৰ ফাৰ্নিচাৰৱালা নামৰ তিনিজনক মুকলি কৰি দিয়া হৈছিল । তেওঁ লগতে কয় যে এই তিনিজনৰ ভিতৰৰ ঋষভ সচদেৱা মোহিত কামোজৰ খুলশালি ।
তেওঁলোকক দুঘণ্টাৰ ভিতৰত মুকলি কৰি দিয়া হৈছিল । যেতিয়া তেওঁক মুকলি কৰা হৈছিল তেতিয়া পিতৃও তেওঁৰ সৈতে আছিল । আনহাতে শুনানিৰ সময়ত তেওঁৰ নাম আদালতত উল্লেখ কৰা হৈছিল ।