চিটাৰা ডেস্ক,5 ডিচেম্বৰ : অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ বাবে 2020 বৰ্ষতো এটা ভাল বৰ্ষ ৷ লকডাউনৰ সময়ছোৱাত অ’টিটি প্লেটফ’ৰ্মত তেওঁ অনবদ্য ভুমিকা পালন কৰিছে ৷
চলিত বৰ্ষতে ডিজিটেল প্লেটফ’ৰ্মত মুক্তিলাভ কৰা ‘ৰাত অকেলী হ্য়ে’ আৰু ‘ছিৰিয়াছ মেন’ ছবিখনেৰে দৰ্শকৰ পৰা বিপুল সঁহাৰি লাভ কৰিছে অভিনেতা নৱাজুদ্দিনে ৷ ‘ৰাত অকেলী হ্য়ে’ ছবিখনত আৰক্ষী বিষয়া যতিল যাদৱ আৰু ‘ছিৰিয়াছ মেন’ত আয়ান মানিৰ অভিনয়েৰে তেওঁ ভাৰতীয় ডিজিটেল প্লেটফ’ৰ্মত দুটা স্মৰণীয় চৰিত্ৰ ৰূপায়ন কৰিবলৈ সক্ষম হৈছে ৷ এই ক্ষেত্ৰত নৱাজুদ্দিনে 2020 বৰ্ষতো এক ‘বিশেষ বৰ্ষ’ বুলি উল্লেখ কৰে ৷