চিটাৰা ডেস্ক, 31 জানুৱাৰী:মহিলাৰ পোছাক পিন্ধি ঘূৰি ফুৰিছে নৱাজুদ্দিন ছিদ্দিকী (Nawazuddin in Woman Attire) ৷ ভালকৈ মন নকৰিলে ধৰিবই নোৱাৰাকৈ নিজক ৰেডি কৰিছে অভিনেতাজনে ৷ পিছে তেওঁৰ এই সাজৰ ফটো এখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷ সকলো অবাক ! ক’লৈ কি কৰিবলৈ গৈছে নৱাজুদ্দিন এই সাজেৰে ?
‘নামেই যাৰ পৰিচয়’ এই আপ্ত বাক্যশাৰী বাৰুকৈয়ে খাপ খাই নৱাজুদ্দিন ছিদ্দিকীৰ ক্ষেত্ৰত ৷ নিজৰ সাৱলীল অভিনয়েৰে দৰ্শকৰ অন্তৰত দকৈ সাঁচ বহাবলৈ সক্ষম হোৱা এইগৰাকী অভিনেতা মহিলাৰ পোছাক পৰিধান কৰি বৰ্তমান চৰ্চাত আছে ( Nawazuddin Siddiqui in woman get up) ৷
নানা ধৰণৰ বিতৰ্কিত মন্তব্যৰে বাতৰিৰ শীৰ্ষত থকা কংগনা ৰানাৱটে শ্বেয়াৰ কৰিছে নৱাজুদ্দিন ছিদ্দিকীৰ মহিলা সাজৰ ফটোখন ৷ দৰাচলতে ছাই কবিৰৰ নিৰ্দেশনা তথা কংগনা ৰানাৱটৰ প্ৰডাকচন হাউচৰ বেনাৰত আহিবলগীয়া ছবি টিকু ৱেডছ শ্বেৰু ৰ বাবে এই সাজত ওলাইছে বলীউডৰ জনপ্ৰিয় অভিনেতাগৰাকী ৷ ছবিখনত শ্বেৰুৰ চৰিত্ৰটো ৰূপায়ন কৰিছে নৱাজুদ্দিনে ৷