চিটাৰা ডেস্ক,১ এপ্ৰিল: COVID-১৯ মহামাৰীৰ কবলত সংগীত ব্যৱস্থাপক বাপ্পী লাহিড়ী । তেওঁৰ কন্যা তথা কণ্ঠশিল্পী ৰেমা লাহিড়ী বাঞ্চালে জনোৱা মতে, বাপ্পী লাহিড়ীৰ দেহত কৰ'ণা ভাইৰাছৰ লক্ষণে দেখা দিয়াৰ পিছতে তেওঁক মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । বুধবাৰে নিশা তেওঁৰ মুখপাত্ৰই প্ৰকাশ কৰা বিবৃতি অনুসৰি, ৬৮ বছৰীয়া শিল্পীগৰাকীক "সাৱধানতামূলক ব্যৱস্থা" হিচাপে ব্ৰীচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কৰা হয় ।
তেওঁ কয় যে, "বাপ্পী লাহিড়ীয়ে সাৱধানতা অৱলম্বন কৰি আছে । কিন্তু মহামাৰীৰ লক্ষণ কম পৰিমাণে তেওঁ দেহত ধৰা পৰিছে । লাহিড়ীৰ বয়সৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক সম্পূৰ্ণৰূপে "সাৱধানতামূলক ব্যৱস্থা" হিচাপে ব্ৰীচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু বৰ্তমান ডা০ উদৱাদিয়াৰ তত্বাৱধানত আছে । তেওঁ সোনকালে সুস্থ হৈ উঠিব আৰু ঘৰলৈ যাব পাৰিব বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে ।