অসম

assam

ETV Bharat / sitara

কপি ৰাইট আইন উলংঘনৰ অভিযোগত কংগনাৰ বিৰুদ্ধে গোচৰ ৰুজু - কংগনাৰ বিৰুদ্ধে গোচৰ ৰুজু

দিদা: দ্যা ৱেৰিয়ৰ কুইন অফ কাশ্মীৰ'ৰ লেখক আশীষ কৌলৰ কংগনাৰ বিৰুদ্ধে কপি ৰাইটৰ অভিযোগ । 'দিদা: দ্যা ৱেৰিয়ৰ কুইন অফ কাশ্মীৰ'ক 'কাশ্মীৰ কী যোদ্ধা ৰাণী' হিচাপে হিন্দীলৈ অনুবাদ কৰি কপি ৰাইট আইন উলংঘন কৰাৰ অভিযোগ উত্থাপন আশীষ কৌলৰ ।

কপি ৰাইট আইন উলংঘনৰ অভিযোগত কংগনাৰ বিৰুদ্ধে গোচৰ ৰুজু
কপি ৰাইট আইন উলংঘনৰ অভিযোগত কংগনাৰ বিৰুদ্ধে গোচৰ ৰুজু

By

Published : Mar 13, 2021, 2:13 PM IST

চিটাৰা ডেস্ক, ১৩ মাৰ্চ: প্ৰায়ে বিতৰ্কই লগ নেৰা অভিনেত্ৰী কংগনা ৰাণাৱটৰ বিৰুদ্ধে পুনৰ গোচৰ ৰুজু মুম্বাই আৰক্ষীৰ । এইবাৰ কংগনাৰ বিৰুদ্ধে কপি ৰাইটৰ গোচৰ ৰুজু 'দিদা: দ্যা ৱেৰিয়ৰ কুইন অফ কাশ্মীৰ'ৰ লেখক আশীষ কৌলৰ । লেখকগৰাকীয়ে কংগনাৰ বিৰুদ্ধে কপি ৰাইটৰ গোচৰ ৰুজু কৰিছিল । সেই গোচৰৰ ভিত্তিত মুম্বাই আদালতৰ আদেশৰ পাচতে খাৰ আৰক্ষীয়ে শুকুৰবাৰে কংগনাৰ বিৰুদ্ধে অপৰাধৰ গোচৰ ৰুজু কৰে । এই সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই জনায় যে, কংগনা, কমল কুমাৰ জৈন, ৰঙ্গোলি চান্দেল আৰু অক্ষত ৰাণাৱটৰ বিৰুদ্ধে আইপিচি (বি) ধাৰা ৪০৬, ৪১৫, ৪১৮, ৩৪, ১২০ আৰু ৫১, ৬৩, ৬৩ এ কপিৰাইট আইনৰ অধীনত গোচৰ ৰুজু কৰা হয় ।

দিদা: দ্যা ৱেৰিয়ৰ কুইন অফ কাশ্মীৰ'

বান্দ্ৰা মহানগৰ দণ্ডাধীশৰ আদেশ মৰ্মে ভাৰতীয় দণ্ড বিধিৰ কপি ৰাইট আইনৰ অধীনত ৪০৫ ধাৰা (বিশ্বাস ভংগৰ অপৰাধ ), ৪১৫ (জালিয়াতি), ১২০ বি (অপৰাধৰ ষড়যন্ত্ৰ)ৰ অধীনত এজাহাৰ দাখিল কৰা হয় বুলি এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে ।

লেখক আশীষ কৌলে 'দিদা: দ্যা ৱেৰিয়ৰ কুইন অফ কাশ্মীৰ'ক 'কাশ্মীৰ কী যোদ্ধা ৰাণী' হিচাপে হিন্দীলৈ অনুবাদ কৰা হৈছে আৰু ইয়াক কংগনাই কপি ৰাইট আইন উলংঘন কৰাৰ অভিযোগ উত্থাপন কৰিছে আশীষে । কৌলে কয় যে তেওঁৰ দিদাৰ জীৱন কাহিনীৰ একপক্ষীয় কপি ৰাইট আছে যি লোহাৰৰ ৰাজকুমাৰী (পুঞ্চ), এতিয়া জম্মু-কাশ্মীৰত কাশ্মীৰৰ ৰাণী আছিল ।

লগতে পঢ়ক: এতিয়াৰে পৰা Spotifyত ১২ টা ভাৰতীয় ভাষাত উপলব্ধ হ'ব সংগীত

ABOUT THE AUTHOR

...view details