চিটাৰা ডেস্ক, ২৭ জুলাই: ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ল অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী ৰাজ কুন্দ্ৰা(RAJ KUNDRA) আৰু তেওঁৰ সহযোগী ৰিয়ান থৰ্পে(Ryan Thorpe)ক । মঙলবাৰে মুম্বাইৰ এখন আদালতে পৰ্ণ'গ্ৰাফী গোচৰ সন্দৰ্ভত দুয়োকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । যোৱা ১৯ জুলাইত আন ১১ গৰাকী লোকসহ ৰাজ কুন্দ্ৰাক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । অশ্লীল ছবি নিৰ্মাণৰ অভিযোগ উত্থাপিত হৈছিল ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ৷
গ্ৰেপ্তাৰৰ পিছতে আদালতত হাজিৰ কৰোৱা হৈছিল কুন্দ্ৰাক আৰু আদালতে ২৭ জুলাই পৰ্যন্ত মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ জিম্মালৈ প্ৰেৰণ কৰে । যোৱা ২৫ জুলাইত কুন্দ্ৰাৰ ভিয়ান ইণ্ডাষ্ট্ৰীজৰ চাৰিজন কৰ্মচাৰীয়ে তেওঁৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিব বুলি নিশ্চিত কৰাৰ পাছতে কুন্দ্ৰাৰ সমস্যা অধিক জটিল হৈ পৰে । মুম্বাই আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, কুন্দ্ৰাই এই তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰা নাই ।
চাৰিওজন কৰ্মচাৰীয়ে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ সম্পত্তি কোষক ৰেকেটটোৰ কাম-কাজৰ সম্পূৰ্ণ বিৱৰণ দিছে । ইয়াৰ পূৰ্বে ৰাজ কুন্দ্ৰা আৰু তেওঁৰ পত্নী শিল্পা ছেট্টীক অপৰাধ শাখাৰ বিষয়াসকলে জেৰা কৰে । কুন্দ্ৰাৰ প্ৰতিষ্ঠানটোৱে কৰা বিত্তীয় লেনদেনৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল ।