অসম

assam

ETV Bharat / sitara

শুকুৰবাৰ পৰ্যন্ত ৰিয়াৰ জামিন আবেদন স্থগিত - নাৰ্কটিকছ কন্ট্ৰল ব্যুৰোৰ (NCB)

মুম্বাইৰ ছেছন আদালতে শুকুৰবাৰ পৰ্যন্ত স্থগিত ৰাখিছে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ জামিন আবেদন ৷ 8 ছেপ্তেম্বৰৰ পৰা 22 ছেপ্তেম্বৰলৈ 14 দিনৰ বাবে ৰিয়াক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল মুম্বাইৰ মেজিষ্ট্ৰেটে ৷

অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী
ৰিয়াৰ জামিন আবেদনৰ নিৰ্দেশ স্থগিত মুম্বাই আদালতৰ

By

Published : Sep 11, 2020, 5:17 AM IST

Updated : Sep 11, 2020, 6:05 AM IST

ছিটাৰা ডেস্ক, 11 ছেপ্তেম্বৰ :মুম্বাইৰ ছেছন আদালতে শুকুৰবাৰ পৰ্যন্ত স্থগিত ৰাখিছে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ জামিন আবেদন ৷ উল্লেখ্য যে, বৰ্তমান মুম্বাইৰ এখন জেলত ন্যায়িক জিম্মাত ৰখা হৈছে অভিনেত্ৰীগৰাকীক ৷

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে ড্ৰাগছৰ দিশ পোহৰলৈ অহাত নাৰ্কটিকছ কন্ট্ৰল ব্যুৰোৰ (NCB) গোচৰৰ ভিত্তিত 8 ছেপ্তেম্বৰৰ পৰা 22 ছেপ্তেম্বৰলৈ 14 দিনৰ বাবে ৰিয়াক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল মুম্বাইৰ এজন মেজিষ্ট্ৰেটে ৷

NCB ৰ লকআপত এটা দিন কটোৱাৰ পাচত 28 বৰ্ষীয় অভিনেত্ৰীগৰাকীক বাইকুলা জেললৈ নিয়া হয় ৷ বুধবাৰে ছেছন আদালতত ৰিয়াৰ অধিবক্তা সতীশ মানেশিন্দেই জামিন আবেদন দাখিল কৰিছিল যদিও মেট্ৰ'পলিটান মেজিষ্ট্ৰেটে এই আবেদন নাকচ কৰে ৷

মানেশিন্দে, স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ অতুল চৰপাণ্ডে আৰু NCB ৰ তদন্তকাৰী বিষয়া কিৰণ বাবুৰ উপস্থিতিত জামিন আবেদন সম্পৰ্কত শুনানি গ্ৰহণ কৰাৰ পাচতে ইয়াক নাকচ কৰা হয় ৷

Last Updated : Sep 11, 2020, 6:05 AM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details