জনপ্ৰিয় অভিনেতা ইৰফান খানৰ মৃত্যু - জনপ্ৰিয় অভিনেতা ইৰফান খানৰ মৃত্যু
12:18 April 29
লক্ ডাউনৰ মাজতে হঠাৎ দুঃখবৰ আহিল সাংস্কৃতিক জগতখনলৈ ৷ বুধবাৰে মৃত্যুবৰণ কৰে মাল্টিটেলেণ্টেড অভিনেতা ইৰফান খানে ৷ বলীউডৰ জনপ্ৰিয় অভিনেতা ইৰফান খানৰ বিয়োগে মৰ্মাহত কৰিছে সমগ্ৰ দেশবাসীক ৷
চিটাৰা ডেস্ক,29 এপ্ৰিলঃ অসাধাৰণ অভিনয় কৰি দৰ্শকৰ হৃদয়ত ৰাজত্ব কৰা অভিনেতা ইৰফান খানৰ মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে চিনেমা প্ৰেমী ৰাইজক ৷ লক্ ডাউনৰ মাজতে মঙলবাৰে অভিনেতা গৰাকী হঠাৎ অসুস্থ হৈ পৰাত ভৰ্তি কৰোৱা হৈছিল মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত ৷ জানিব পৰা মতে, বলীউডৰ বলিষ্ঠ অভিনেতা গৰাকী কিছুদিন পূৰ্বে নিউৰোএন্দ্ৰোক্ৰাইন টিউমাৰত আক্ৰান্ত হোৱাৰ বাবে চিকিৎসাধীন হ'ব লগা হৈছিল হাস্পতালত ৷ অৱশেষত সকলোকে আচৰিত কৰি বুধবাৰে 53 বছৰ বয়সত মৃত্যুবৰণ কৰে মাল্টিটেলেণ্টেড অভিনেতাগৰাকীয়ে ৷
ইতিমধ্যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অভিনেতা গৰাকীৰ অকাল বিয়োগত দুখ প্ৰকাশ কৰি টুইট কৰিছে ৷