চিটাৰা ডেস্ক, 31 জুলাই :আজি ভাৰতীয় চলচ্চিত্ৰৰ এজন জনপ্ৰিয় নেপথ্য গায়ক মহম্মদ ৰফি(Mohammed rafi)ৰ মৃত্যু দিৱস ৷ ১৯২৪ চনৰ ২৪ ডিচেম্বৰ তাৰিখে পঞ্জাৱৰ কোটলা চুলতান সিঙত মহম্মদ ৰফিৰ জন্ম হয় ৷ ১৯৬৭ চনত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটা(Padmashri award)ৰে সন্মানিত কৰে জনপ্ৰিয় কন্ঠশিল্পীগৰাকীক ।
মহম্মদ ৰফিক ভাৰতীয় উপ মহাদেশৰ অন্যতম মহান আৰু প্ৰভাৱশালী গায়ক হিচাপে গণ্য কৰা হয় । ৰফি চাহাব তেওঁৰ কণ্ঠস্বৰৰ বহুমুখীতাৰ(versatility and range of voice) বাবে পৰিচিত আছিল ৷ তেওঁ চাৰিটা ফিল্মফেয়া (Filmare)ৰ বঁটা আৰু এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা(national film award) লাভ কৰিছিল ৷
ৰফিয়ে ১৯৪৪ চনত মুম্বাইলৈ গমন কৰিছিল । তেওঁ আৰু হামিদ চাহাবে জনবহুল ভেন্দি বজাৰ অঞ্চলত এটা কোঠা ভাড়ালৈ লৈ মুম্বাইত জীৱন সংগ্ৰাম আৰম্ভ কৰিছিল ।