অসম

assam

By

Published : Oct 17, 2020, 12:20 PM IST

Updated : Oct 17, 2020, 12:44 PM IST

ETV Bharat / sitara

মিথুন চক্ৰৱৰ্তীৰ পুত্ৰ মহাক্ষয়ৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ

এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগত 15 অক্টোবৰত অভিনেতা মিথুন চক্ৰৱৰ্তীৰ পুত্ৰ মহাক্ষয় চক্ৰৱৰ্তী আৰু অভিনেতা য়োগিতা বালিৰ বিৰুদ্ধে ওচিৱাৰা আৰক্ষী চকীত গোচৰ ৰুজু ৷ 4 বছৰলৈ শাৰীৰিক সম্পৰ্কত লিপ্ত থাকি পীড়িতা গৰাকীক গৰ্ভৱতী কৰাইছিল মহাক্ষয়ে ৷

Mithun Chakraborty's son Mahaakshay accused of rape
মিথুন চক্ৰৱৰ্তীৰ পুত্ৰ মহাক্ষয়ৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ

চিটাৰা ডেস্ক,17 অক্টোবৰ : 80ৰ দশকৰ চুপাৰষ্টাৰ মিথুন চক্ৰৱৰ্তীৰ পুত্ৰ মহাক্ষয় চক্ৰৱৰ্তী আৰু অভিনেতা য়োগিতা বালিৰ বিৰুদ্ধে 15 অক্টোবৰত ধৰ্ষণৰ অভিযোগ ৷ এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ তুলি ওচিৱাৰা আৰক্ষী চকীত এক গোচৰ ৰুজু হৈছে ৷

ধৰ্ষণৰ বলি হোৱা যুৱতীগৰাকীয়ে সদৰি কৰা মতে, 2015 বৰ্ষত তেওঁৰ মহাক্ষয়ৰ সৈতে সমন্ধ আছিল আৰু মহাক্ষয় অৰ্থাৎ মিমোহে যুৱতী গৰাকীক বিয়া কৰোৱাৰো প্ৰস্তাৱ দিছিল যদিও এই প্ৰতিশ্ৰুতি পালন নকৰিলে মিথুন চক্ৰৱৰ্তীৰ পুত্ৰই ৷

আৰক্ষীৰ লিখিত গোচৰ অনুসৰি পীড়িতাই কয় যে,যুৱতী গৰাকীৰ অনুমতি অবিহনে মহাক্ষয়ে তেওঁৰ সৈতে শাৰীৰিক সম্বন্ধ ৰাখিবলৈ যুৱতী গৰাকীক ধমকি দিছিল ৷

পীড়িতাই কয় যে,ইয়াৰ পাচতো মহাক্ষয়ে যুৱতী গৰাকীৰ সৈতে 4 বছৰলৈ শাৰীৰিক সম্পৰ্কত লিপ্ত হয় ৷ পীড়িতা গৰাকী গৰ্ভৱতী হোৱাৰ পাচত তেওঁক মহাক্ষয়ে গৰ্ভপাত কৰিবলৈ জোৰ দিছিল ৷

2018 বৰ্ষত মহাক্ষয়ে টেলিভিশ্যন অভিনেতা মাদালছা শৰ্মাৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পাচত পীড়িতাই ধৰ্ষণ সন্দৰ্ভত এক প্ৰাথমিক গোচৰ ৰুজু কৰাৰ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে গুৰুত্ব আৰোপ নকৰিলে ৷ ইয়াৰ পাচত তেওঁ দিল্লীলৈ গৈ ৰোহিনী আদালতত এক গোচৰৰ বাবে আবেদন জনায় ৷ ঘটনা সন্দৰ্ভত প্ৰথম পৰ্যায়ৰ তদন্তৰ পাচত বৃহস্পতিবাৰে মুম্বাইৰ ওচিৱাৰা আৰক্ষী চকীত পুনৰ গোচৰ ৰুজু কৰা হয় ৷

লগতে পঢ়ক:অক্ষয় কুমাৰ সৈতে পৃথ্বীৰাজৰ ছেটত আহিবলৈ পাই উৎসুক মানুষী চিল্লাৰ

Last Updated : Oct 17, 2020, 12:44 PM IST

ABOUT THE AUTHOR

...view details