চিটাৰা ডেস্ক, ৬ নৱেম্বৰ :শেহতীয়াকৈ দিল্লীৰ প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । দীপাৱলীৰ এদিন পাছতে পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি হৈছে প্ৰদূষণ । একপ্ৰকাৰ সমস্যাত পৰিছে দিল্লীবাসী । দীপাৱলীৰ পাছতে ধোঁৱাময় হৈ পৰিছে সমগ্ৰ দিল্লী চহৰ ।
ৰাজধানী চহৰৰ এনে অৱস্থা দেখি বহুতে উদ্বেগ প্ৰকাশ কৰিছে । দিল্লীৰ বাসিন্দা তথা অভিনেতা শ্বাহিদ কাপুৰৰ (Shahid Kapoor) পত্নী মীৰা ৰাজপুতে সামাজিক মাধ্যমত দিল্লীৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে । মীৰা ৰাজপুতে (Mira Rajput) ইনষ্টাগ্ৰামত লিখিছে যে, এয়া তেওঁৰ বাসস্থান হ'ব নোৱাৰে । সকলোকে প্ৰদূষণ ৰোধৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় অভিনেতাগৰাকীৰ পত্নীয়ে ।
ৰাজধানী চহৰখনৰ ধোঁৱাৰে পৰিপূৰ্ণ এখন ছবি সামাজিক মাধ্যমত শ্বেয়াৰ কৰি মীৰাই সকলোকে ফটকা নুফুটাবলৈ আহ্বান জনোৱাৰ লগতে জ্বলি নোযোৱা আৱৰ্জনাবোৰ একাষৰীয়া কৰিবলৈ অনুৰোধ জনায় ৷ ইয়াৰ উপৰিও যিসকলে প্ৰদূষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰি আহিছে, তেওঁলোকক এইক্ষেত্ৰত দিল্লীবাসীক সহায় কৰিবলৈ আহ্বান জনায় মীৰাই ৷