চিটৰা ডেস্ক, 19 মাৰ্চ :ৰাছিয়াই যোৱা ২৪ দিন ধৰি ইউক্ৰেইনত বোমা বিস্ফোৰণ কৰি আহিছে । ৰাছিয়াৰ নিৰন্তৰ আক্ৰমণৰ ফলত ইউক্ৰেইন ধ্বংস স্তূপলৈ ৰূপান্তৰিত হৈছে । ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে দেশবাসীক সুৰক্ষা দিয়াৰ নামত ব্ৰতী হৈ আছে।
এনেহেন সংবেদনশীল পৰিস্থিতিৰ মাজতো জেলেনস্কি বৰ্তমান চৰ্চাত আছে তেওঁৰ পোছাকক লৈ ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিত্তীয় বিশেষজ্ঞ পিটাৰ চিফে মন্তব্য কৰিছে জেলেনস্কিৰ পোছাকক লৈ । কিন্তু আমোদজনক কথাটো হ'ল যে আমেৰিকাৰ বিত্তীয় বিশেষজ্ঞৰ এই টুইটটোৰ উত্তৰ বলীউড অভিনেতা শ্বাহিদ কাপুৰৰ পত্নী মীৰা ৰাজপুতে দিছে (Mira Rajput reply to US financial expert)।
এক টুইটযোগে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিত্তীয় বিশেষজ্ঞ পিটাৰ চিফে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিক উদ্দেশ্যি কৰা টুইটটোত প্ৰশ্ন কৰে যে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ নিজৰ কোনো চুট নাই নেকি ?