চিটাৰা ডেস্ক,4 এপ্ৰিলঃচুপাৰমডেল তথা অভিনেতা মিলিন্দ সুমনৰ পত্নী অংকিতাৰ এটা ভিডিঅ' শেহতীয়াকৈ খুবেই ভাইৰেল হৈ পৰিছে ৷ ভিডিঅ'টোত অসমৰ জীয়ৰী অংকিতা কোঁৱৰক দেখিবলৈ পোৱা গৈছে 80 বছৰীয়া শাহুৱেক উষা সুমনৰ সৈতে ৷ য'ত অংকিতা আৰু উষা সুমনক একেলগে শৰীৰ চৰ্চা কৰা পৰিলক্ষিত হৈছে ৷
একেলগে শৰীৰ চৰ্চা কৰিলে মিলিন্দ সুমনৰ মাতৃ-পত্নীয়ে - মিলিন্দ সুমনৰ পত্নী তথা অসমৰ জীয়ৰী অংকিতা
মিলিন্দ সুমনৰ পত্নী তথা অসমৰ জীয়ৰী অংকিতাই শাহু উষা সুমনৰ সৈতে কটাইছে খুবেই মধুৰ সময় ৷ শেহতীয়াকৈ অংকিতাই ইনষ্টাগ্ৰাম যোগে এটা ভিডিঅ' শ্বেয়াৰ কৰে য'ত অংকিতা আৰু উষা সুমনক একেলগে শৰীৰ চৰ্চা কৰা পৰিলক্ষিত হৈছে ৷
মিলিন্দ সুমনৰ 80 বছৰীয়া মাতৃ আৰু পত্নী অংকিতাৰ একেলগে শৰীৰ চৰ্চা
28 বছৰীয়া অংকিতাই নিজৰ ইনষ্টাগ্ৰাম যোগে শেহতীয়াকৈ এই বিশেষ ভিডিঅ'টো শ্বেয়াৰ কৰাৰ পিছতে , ভিডিঅ'টোৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷
লগতে পঢ়কঃকৰ'ণা ভাইৰাছঃ গীতেৰে সজাগতা সৃষ্টিৰ বিনম্ৰ প্ৰয়াস ইটিভি ভাৰতৰ