চিটাৰা ডেস্ক,4 নৱেম্বৰ : যেতিয়াই জন্মদিনটো সন্মুখত পায়হি,মডেল অভিনেতা মিলিণ্ড চোমনে প্ৰতিবাৰেই এক ব্যতিক্ৰমী ধৰণে নিজৰ জন্মদিনটো উদযাপন কৰে ৷ বুধবাৰেও 55 বৰ্ষীয় মডেলগৰাকীয়ে নিজৰ ফিটনেছ দিশটো মূল বিষয়বস্তু হিচাপে আগত ৰাখি এক ব্যতিক্ৰমী ফটো শ্বেয়াৰ কৰে ৷ গোৱাৰ সমুদ্ৰৰ পাৰত নগ্ন অৱস্থাত দৌৰি থকা এখন ফটো শ্বেয়াৰ কৰিছে মিলিণ্ড চোমনে ৷
ইনষ্টাগ্ৰাম আৰু টুইটাৰযোগে শ্বেয়াৰ কৰা ফটোখনৰ কেপচনত মিলিণ্ডে লিখিছে,"Happy birthday to me ! #55," ৷ ফটোখনৰ আঁৰত পত্নী অংকিতাৰ নাম উল্লেখ কৰে মডেলগৰাকীয়ে ৷ মিলিণ্ডৰ জন্মদিনৰ এই শুভক্ষণত স্বামী মিলিণ্ডলৈ শুভকামনাৰ বাৰ্তা প্ৰেৰণ কৰে অংকিতাই ৷